
শিৱসাগৰ, ০১ নৱেম্বৰ (হি.স.): শিৱসাগৰত দিখৌ নদীৰ ভয়াৱহ গৰা খহনীয়াৰ সৃষ্টি হৈছে । নিচিহ্ন হোৱাৰ পথত দিখৌ নদীৰ মথাউৰি । শিৱসাগৰ জিলাৰ দিখৌমুখ ৰঘুবাৰী গাঁৱৰ দিখৌ নদীৰ মথাউৰি খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে । চপৰা চপৰে খহিছে মথাউৰিটো।এক বৃহৎ অঞ্চলৰ ৰাইজৰ জীৱনলৈ ভাবুকি নামি আহিছে । নিদ্ৰাবিহীন নিশা পাৰ কৰিছে ১৪ পৰা ১৫ খন গাঁৱৰ ৰাইজে ।
উল্লেখ্য় যে ২০১৮-১৯ বৰ্ষত এছডিআৰএফ আঁচনিৰ জৰিয়তে প্ৰায় আঢ়ৈ কোটি টকা ব্যয় কৰি জিঅ বেগ আৰু মেটেৰে মেৰামতি কৰা হৈছিল মথাউৰিটো। পূৰ্বৰ অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে নিম্ন মানদণ্ডৰ কামেৰে আঁচনিৰ ধন লুণ্ঠনৰ অভিযোগ উঠিছিল । ইফালে দিখৌ নদীৰ সোঁতে মথাউৰিটোৰ ২৫০ মিটাৰৰো অধিক অংশ খহাই নিয়াৰ ফলত সৃষ্টি হৈছে প্ৰবল ভাবুকি । মাত্ৰ কেইডালমান বাঁহৰ লাং মাৰি দায়িত্ব সামৰিছে জলসম্পদ বিভাগে । যিকোনো মুহূৰ্ততে নিচিহ্ন হব পাৰে মথাউৰিটো । ইন্দ্ৰ গগৈ নামৰ পূৰ্বৰ অভিযন্তাজনৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ বহুদিনীয়া। ৰাইজৰ দাবী নিৰ্বাচনৰ পূৰ্বে আঁচনিৰ ধন লৈ মথাউৰিটো তৎকালীনভাৱে মেৰামতি কৰক । নিৰ্বাচনী অধিসূচনা জাৰি কৰিলে বিভাগে নাপাব কোনো আঁচনিৰ ধন । ফলত দিখৌ নদীৰ ভয়াৱহ গৰা খহনীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰিব মথাউৰিটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ