কামৰূপ, ০৩ অক্টোবৰ (হি.স.): কামৰূপ জিলাৰ ৰঙিয়াত যোৱা কালি বৃহস্পতিবাৰে বিয়লি বেলা এক অঘটন সংঘটিত হয়। ৰে'লৰ খুন্দাত নিহত হয় এজন লোক। ৰঙিয়া হাইৱে চ'কৰ উৰণীয়া সেতুৰ তলত সংঘটিত হৈছে এই ঘটনা।
নিহত লোকজন ৰঙিয়াত ভাৰতীয় হিচাপে থকা বুলি জানিব পৰা গৈছে।লোকজনৰ নাম ঈদৰ হালৈ ওৰফে ডেকা বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লয়। পৰৱৰ্তী সময়ত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় ৰে'ল আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ