জামুগুৰিহাটৰ কুসুমটোলাত দিনতে চুৰিকাণ্ড
শোণিতপুৰ, ০৩ অক্টোবৰ (হি.স.)। জামুগুৰিহাটৰ কুসুমটোলাত দিনতে চুৰিকাণ্ড। আজি পুৱা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে কৃষ্ণ ভৰালী নামৰ ব্যক্তিজনৰ ঘৰত লুটপাত চলায়। খিৰিকিৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰে চোৰে। নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ চুৰি কৰি নিয়ে চোৰে
জামুগুৰিহাটৰ কুসুমটোলাত  দিনতে চুৰিকাণ্ড।


শোণিতপুৰ, ০৩ অক্টোবৰ (হি.স.)। জামুগুৰিহাটৰ কুসুমটোলাত দিনতে চুৰিকাণ্ড। আজি পুৱা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে কৃষ্ণ ভৰালী নামৰ ব্যক্তিজনৰ ঘৰত লুটপাত চলায়। খিৰিকিৰ ৰড ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰে চোৰে। নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ চুৰি কৰি নিয়ে চোৰে। বিগত কিছু দিনৰ পৰা অঞ্চলটোত সঘনে চুৰিকাণ্ড সংঘটিত হৈ আছে।

ৰাইজে অঞ্চলটোত আৰক্ষীৰ চোকা পহৰাৰ দাবী জনাইছে যদিও আৰক্ষী প্ৰশাসনে ৰাইজৰ দাবীৰ প্ৰতি কোনো সহাৰি জনোৱা নায়। জামুগুৰিহাটৰ ৰাজপথৰ কাষে কাষে একাংশ সন্দেহজনক লোকে অবৈধ ভাবে বাসস্থান গঢ়ি তুলিছে। অঞ্চলটোত সংঘটিত হোৱা সঘন চুৰি কাণ্ডত একাংশ সন্দেহজনক লোকৰ ভুমিকা থকা বুলি অঞ্চলটোৰ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande