লামডিঙত বিদ্যুত পৃষ্ঠ হৈ এজনৰ মৃত্যু
হোজাই, ০৩ অক্টোবৰ (হি.স.)। লামডিঙত বিদ্যুত পৃষ্ঠ হৈ এজনৰ মৃত্যু। নিজৰ ফান্দত নিজেই ফছিলে লামডিংৰ এজন কৃষক। নিজৰ খেতি কীত পতংক জীৱ জন্তুৰ পৰা বচাবলৈ নিজে স্থাপন কৰা বিদ্যুতৰ জালত লাগি এজন কৃষকৰ শোকাৱহ মৃত্যু ঘটে। নিজৰ বেঙেনা খেতিত জিব -জন্তুৰ ৰোধৰ
লামডিঙত বিদ্যুত পৃষ্ঠ হৈ এজনৰ মৃত্যু


হোজাই, ০৩ অক্টোবৰ (হি.স.)। লামডিঙত বিদ্যুত পৃষ্ঠ হৈ এজনৰ মৃত্যু। নিজৰ ফান্দত নিজেই ফছিলে লামডিংৰ এজন কৃষক। নিজৰ খেতি কীত পতংক জীৱ জন্তুৰ পৰা বচাবলৈ নিজে স্থাপন কৰা বিদ্যুতৰ জালত লাগি এজন কৃষকৰ শোকাৱহ মৃত্যু ঘটে।

নিজৰ বেঙেনা খেতিত জিব -জন্তুৰ ৰোধৰ বাৱে চৌ দিশে লগাইছিল বিদ্যুতৰ তাৰ। ব্যক্তি গৰাকীয়ে নিজৰ বেঙেনা খেতিত প্ৰবেশ কৰোতেই বিদ্যুত পৃষ্ঠ হৈ মৃত্যু সাৱটি লগা হৈছে।

মৃত ব্যক্তি জনৰ নাম সাধু চৌহান। লোকজনৰ ঘৰ ১ নং জৰংদিছা। ইফালে এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় লামডিং আৰক্ষী। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰাৰ লগতে মৃত ব্যক্তি গৰাকীৰ মৃতদেহ মৰণোত্ত পৰীক্ষাৰ বাৱে নগাঁও লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande