
হোজাই, ০৩ অক্টোবৰ (হি.স.)। লংকাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কালি নিশা লংকাৰ ১ নং পিপল পুখুৰী মনীপুৰী বস্তিত উক্ত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। সুজল বালা দাস নামৰ এগৰাকী মহিলাৰ ভাতৰ হোটেলত উক্ত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। অগ্নিত জাহ যায় হোটেলৰ সকলো সামগ্ৰী সহ হোটেল ঘৰটো। অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ প্ৰেৰণ কৰে যদিও সময়মতে অগ্নি নিৰ্বাপক বাহিনীৰ পানীৰ গাড়ী আহি নপোৱাত ক্ষয়ক্ষতিৰ পৰিমাণ বৃদ্ধি পায়। হোটেল খনৰ আওপুৰণি বৈদ্যুতিক সংযোগৰ ফলত েঅগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় আৰক্ষী। অগ্নিকাণ্ডৰ ফলত প্ৰায় ১২ লক্ষাধিক টকাৰ ক্ষতিসাধন হয় বুলি অনুমান কৰা হৈছে। কেনেকৈ জুই লাগিছে উক্ত বিষয়ে জানিবলৈ আৰক্ষীৰ অনুসন্ধান অব্য়াহত আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ