মঙলদৈ বেগানদীত মৃতদেহ উদ্ধাৰ
দৰং, ০৩ অক্টোবৰ (হি.স.)। মঙলদৈ বেগানদীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ মৃত যুৱক জন মঙলদৈ লেঙেৰীপাৰা বাঘমাৰা পুখুৰীৰ ৰিংকু দাস ৩২ বুলি চিনাক্ত কৰা হৈছে৷ পুত্ৰৰ মৃতদেহ প্ৰত্যক্ষ কৰি শোকত ভাগি পৰিল মাতৃ ৷ পুজাৰ আনন্দৰ মাজতে মঙলদৈ বেগানদীত উদ্ধাৰ এটি মৃতদেহ
মঙলদৈ বেগানদীত মৃতদেহ উদ্ধাৰ


দৰং, ০৩ অক্টোবৰ (হি.স.)। মঙলদৈ বেগানদীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ মৃত যুৱক জন মঙলদৈ লেঙেৰীপাৰা বাঘমাৰা পুখুৰীৰ ৰিংকু দাস ৩২ বুলি চিনাক্ত কৰা হৈছে৷ পুত্ৰৰ মৃতদেহ প্ৰত্যক্ষ কৰি শোকত ভাগি পৰিল মাতৃ ৷

পুজাৰ আনন্দৰ মাজতে মঙলদৈ বেগানদীত উদ্ধাৰ এটি মৃতদেহ ৷ দুদিন আগৰে পৰা ঘৰত অনুপস্থিত থকা যুৱক জনক আজি বেগানদীত ভাহি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি মঙলদৈ আৰক্ষীক খবৰ দিয়ে ৷ মঙলদৈ আৰক্ষীয়ে এচ ডি আৰ এফৰ সহযোগত মৃতদেহটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷যুৱক জনে আত্মহত্যা কৰিছেনে কোনোবাই হত্যা কৰিছেনে এটিয়াওঁ সঠিকভাৱে জানিবলৈ সক্ষম হোৱা নাই ৷ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই ঘটনাৰ ৰহস্য পোহৰলৈ আহিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande