অসম নাগালেণ্ড সীমান্তৰ দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ বি চেক্টৰৰ টেঙাতল পঞ্চমুখত তথা জালাল বস্তিত ভয়াৱহ অগ্নিকাণ্ড
গোলাঘাট, ০৩ অক্টোবৰ (হি.স.)। অসম নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ বি চেক্টৰৰ টেঙাতল পঞ্চমুখত তথা জালাল বস্তিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । ৰাইজে সন্দেহ কৰা মতে যোৱা কালি বৃহস্পতিবাৰে ন
অসম নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ বি চেক্টৰৰ টেঙাতল পঞ্চমুখত তথা জালাল বস্তিত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা


গোলাঘাট, ০৩ অক্টোবৰ (হি.স.)।

অসম নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ বি চেক্টৰৰ টেঙাতল পঞ্চমুখত তথা জালাল বস্তিত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । ৰাইজে সন্দেহ কৰা মতে যোৱা কালি বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত দুৰ্বৃত্তৰ দ্বাৰা কেইবাটাও ঘৰত অগ্নি সংযোগ কৰা হৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে অঞ্চলটোত প্ৰথমে দুবৃত্তই গুলী ফুটাই এক আতংকময় পৰিবেশৰ সৃষ্টি কৰি ঘৰবোৰত অগ্নি সংযোগ কৰে। তাৎপৰ্যপূৰ্ণ বিষয় নিৰাপত্তা বাহিনী ১৫৫ নং চি আৰপিএফ বহুত পলম কৈহে ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। উক্ত ঘটনাক লৈ সীমান্তৰ এই স্পৰ্শকাতৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। এই কাণ্ড নগা দুৰ্বৃত্তই সংঘটিত কৰা বুলি ৰাইজে সন্দেহ কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande