বৰপেটা, ০৩ অক্টোবৰ (হি.স.): বিজয়া দশমী উপলক্ষে বৃহস্পতিবাৰে পহুমৰা নৈত মেধিকুছি পৰিচালনা সমিতিৰ উদ্যোগত ১৩৮ সংখ্যক নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লীগ পৰ্যায়ত অনুষ্ঠিত হোৱা নাও খেল প্ৰতিযোগিতাত কেইবাখনো নাও অংশগ্ৰহণ কৰে ।
অগণন দৰ্শকে প্ৰত্যক্ষ কৰা নাও খেলখনত মৈসাল বন্ধুই প্ৰথম পুৰস্কাৰ হিচাপে ৩০ হাজাৰ টকা লাভ কৰে আৰু মনেৰ পাখিয়ে দ্বিতীয় পুৰস্কাৰ ২৫ হাজাৰ টকা লাভ কৰে। অতি প্ৰাচীন আৰু পৰম্পৰাগতভাৱে চলি অহা নাও খেলখনত জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক তৃণয়ণ ভূঞাই নিয়াৰিকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে। লগতে এছডিআৰএফ বাহিনীও নৈত চোকা নজৰ দি থকা পৰিলক্ষিত হয়। ইয়াৰ পিছত ফিঙু চৌধুৰী দুৰ্গা পূজা সমিতিয়ে অশ্ৰুশিক্ত নয়নেৰে মা দুৰ্গাক বিসৰ্জন দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ