বৰপেটা, ০৩ অক্টোৱৰ (হি.স.)। বিজয়া দশমীৰ হৰ্ষোল্লাস আৰু জয় শ্ৰীৰাম ধ্বনিৰ মাজেৰে বৰপেটাৰ বহৰিত ৰাৱণ দাহ কাৰ্যসূচী পালন কৰা হয়।
গোবিন্দ সৰকাৰে ধনুত তীৰ মাৰি দশাণন ৰাৱণৰ প্ৰতিমূৰ্তি দাহেৰে দশেৰা উৎসৱ পালন কৰে।
দশেৰা অনুষ্ঠান উপলক্ষে বৰপেটাৰ বহৰি চানভিউ ফিল্ডত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৮৩ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয়৷
বহৰি সাৰ্বজননীন দশেৰা উৎসৱ সমিতিয়ে এইবেলি নামনি অসমৰ ভিতৰতে সৰ্বোচ্চ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰে ৷ ৰাৱণ দাহৰ প্ৰতীকীৰে সমাজৰ অন্যায়-অশূয়া-অপসংস্কৃতি নাশৰ বাবে দূৰ্গতিনাশীনিৰ ওচৰত প্ৰাৰ্থনা জনায় বহৰিবাসীয়ে ৷
উল্লেখ্য যে, অপ-শক্তিক নাশ কৰাৰ প্ৰতীক এই বিজয়া দশমী ৷ প্ৰবাদ মতে শ্ৰীৰামচন্দ্ৰই ৰাৱণৰ কবলৰ পৰা সীতাক উদ্ধাৰৰ পূৰ্বে কৰিছিল শক্তিদেৱী দূৰ্গাৰ আৰাধনা ৷ ষষ্ঠীৰ পৰা নৱমীলৈ দেৱী আৰাধনা কৰাৰ পিছত দশম দিনটোত ৰাৱণৰ দুঃকৰ্মৰ বিৰুদ্ধে বিজয় লাভ কৰিছিল শ্ৰীৰামচন্দ্ৰই ৷ তেতিয়াৰে পৰা বিজয়া দশমীৰ দিনটোত ৰাৱণৰ পুত্তলিকা দাহৰ জৰিয়তে সমাজৰ অপশক্তি নাশৰ এক প্ৰতীক হিচাপে দশেৰা পালন কৰা হৈ আহিছে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা