যোৰহাট, ২২ অক্টোবৰ (হি.স.):যোৰহাট জিলাৰ চৰাইবাহীত যোৱা কালি মঙলবাৰে বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । ৰাষ্টাত পানী চতিওৱা পানী টেংকাৰৰ চেপাত ঠাইতে নিহত হয় এজন যুৱক। নিহত যুৱক জন চৰাইবাহী বাহেক গাঁৱৰ গোপাল বৰা (৩৫) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য় মতে নথি বিহীন টেংকাৰ খন যোৰহাট কমাৰববন্ধা পথত লোক নিৰ্মাণ বিভাগে পানী চটিওৱা কামত ব্যৱহাৰ কৰি আছিল। চৰকাৰী বিভাগ এটাই নথি পত্ৰ বিহীন ভাৱে টেংকাৰ এখন এনেদৰে চলিবলৈ সুবিধা কৰি দিয়াটোৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে । পৰিবহণ বিভাগৰ লগত বুজাবুজি কৰি টেংকাৰ খনৰ মালিকে এই কাম চলাই যোৱাৰো অভিযোগ উত্থাপিত হৈছে। ইফালে জানিব পৰামতে টেংকাৰ খনৰ চালক গৰাকীৰ লগত নাছিল কোনো হেণ্ডিমেন। আনহাতে সেইসময়ত টেংকাৰ খনৰ চালক জু সুৰা সক্ত অৱস্থাত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ