আলোপতিত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ
বৰপেটা, ২২ অক্টোবৰ (হি.স.)। আলোপতিত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতি চৰ থানাৰ অন্তৰ্গত আলোপতি ফকিৰপাৰাত এডাল আঘাতপ্ৰাপ্ত অজগৰ সাপ উদ্বাৰ হয়। কালি নিশা ফকিৰ পাৰা বজাৰৰ পৰা ঘৰলৈ গৈ থাকোতে স্হানীয় যুৱক কেইজনমানৰ চকুত পৰে অজ
আলোপতিত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ


বৰপেটা, ২২ অক্টোবৰ (হি.স.)। আলোপতিত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতি চৰ থানাৰ অন্তৰ্গত আলোপতি ফকিৰপাৰাত এডাল আঘাতপ্ৰাপ্ত অজগৰ সাপ উদ্বাৰ হয়।

কালি নিশা ফকিৰ পাৰা বজাৰৰ পৰা ঘৰলৈ গৈ থাকোতে স্হানীয় যুৱক কেইজনমানৰ চকুত পৰে অজগৰটো। অজগৰটো ৰাস্তাৰ কাষত থকা জান এটাত মেৰিয়াই থকা প্ৰত্যক্ষ কৰে। লগে লগে অজগৰটো চাবলৈ বহুতো মানুহৰ সমাগম হয়। অজগৰ চাবলৈ হেতাওপৰা স্হানীয় ৰাইজৰ। ইয়াৰ পিছত স্থানীয় ৰাইজে এই সন্দৰ্ভত আলোপতি চৰ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত অজগৰটো উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিয়ে বুলি জানিব পৰা গৈছে। ইফালে উদ্ধাৰ হোৱা অজগৰডাল আনুমানিক ৭-৮ ফুট দীঘল। কেতিয়াবা অসমৰ বিভিন্ন বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত এনেকুৱা প্ৰকাণ্ড অজগৰে জনাঞ্চলত প্ৰৱেশ কৰাৰ ঘটনা প্ৰায়েই দেখিবলৈ পোৱা যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande