
শোণিতপুৰ, ২৪ অক্টোবৰ (হি.স.)। জামুগুৰিহাটত অনুষ্ঠিত হব লগা শংকৰ সংঘৰ অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি। শংকৰ সংঘৰ অধিৱেশনৰ বাৱে খেৰ কাটিলে সহস্ৰাধিক ৰাইজে ৷ জয় জুৱিন,জুৱিন গাৰ্গ অমৰ হওক ধ্বনিৰে মুখৰিত কন্যকা কৃষি পাম ৷
- অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ চৈবাৰী-ধলাইবিলত অনুষ্ঠিত হব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন ৷ এই উদ্দেশ্যৰে জীয়া ভৰলী কন্যকা বহুমুখী কৃষি পামত আৰম্ভ হোৱা ৰাজহুৱা খেৰকটা হজত অংশ গ্ৰহণ কৰিছে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ৷ জুৱিন গাৰ্গ অমৰ হওক,জয় জুৱিন গাৰ্গ ধ্বনিৰে আকাশ বতাহ কপাই তুলি খেৰকটাত ব্যস্ত হৈ পৰা দেখা গ'ল শংকৰ সংঘৰ তেজপুৰ জিলা শাখাৰ সাতটা আঞ্চলিকৰ ভক্তপ্ৰাণ ৰাইজে ৷ এই খেৰৰে অধিৱেশনৰ মূল মঞ্চ,প্ৰতিনিধি শিৱিৰ আৰু ভোজনালয় নিৰ্মান কৰিব বুলি জানিবলৈ দিয়ে ভক্তপ্ৰাণ ৰাইজে ৷ এই খেৰ কটা পৰ্বত অংশ গ্ৰহণ কৰিছে জামুগুৰিহাটৰ ইছলাম ধৰ্মীয় লোকেও।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা