



কোকৰাঝাৰ, ২৪ অক্টোবৰ (হি.স.): অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ স্বাস্থ্য উদ্যোগ “শুশ্ৰুষা সেতু”ৰ অধীনত আজি কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰিগাঁওৰ মাইগংপুৰিস্থিত মাইগং বাথৌ ফোৰৈছালি (সিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ত তৃতীয়খন মেগা স্বাস্থ্য শিবিৰ সফলভাৱে আয়োজন কৰা হয়। এই শিবিৰটো অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিশন আৰু কোকৰাঝাৰৰ জিলা স্বাস্থ্য সঞ্চালন সমিতিৰ দ্বাৰা আয়োজন কৰা হয়।
শিবিৰটোত বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰী আৰু পূৰ্ব বিধায়িকা প্ৰমিলা ৰাণী ব্ৰহ্মসহ বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত হয়। শিবিৰত মুঠ ২০৩৫জন হিতাধিকাৰীয়ে ও.পি.ডি. (OPD) সেৱা লাভ কৰে। ২১১জন ৰোগীৰ বাবে ৫৬৩২টা লেবৰটৰি পৰীক্ষা সম্পন্ন কৰা হয়। লগতে ১৫২০জনৰ টিবি স্ক্ৰিনিং, ২৩৫জনৰ কেঞ্চাৰ স্ক্ৰিনিং, ৬৫জনৰ এইচ.আই.ভি. পৰীক্ষা, ২১জনৰ দাঁতৰ পৰীক্ষা, ১৩৮টা স্পুটাম পৰীক্ষা, ৩২টা টিকাকৰণ, আৰু ৭১টা ইউ.এছ.জি. পৰীক্ষা সম্পন্ন কৰা হয়। আনহাতে ৬৪জন উপভোক্তাৰ মাজত পিএমজেএৱাই কাৰ্ড বিতৰণ আৰু ৯টা আধাৰ কাৰ্ড আপডেট সম্পন্ন কৰা হয়।
“শুশ্ৰুষা সেতু” উদ্যোগৰ অধীনত ৫০ৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শৰ সুবিধা প্ৰদান কৰা হৈছে যাতে প্ৰতিজন নাগৰিকে গুণগত চিকিৎসা সেৱাৰ পৰা উপকৃত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ