প্ৰবীণ সাংবাদিক বৈকুণ্ঠ গোস্বামীৰ বিয়োগত এনইউজেআই' আৰু 'জা' ৰ শোক
গুৱাহাটী, ২৪ অক্টোবৰ (হি.স.)। ৰাজ্যখনৰ প্ৰবীণ সাংবাদিক তথা নিবন্ধকাৰ, সম্পাদক, ৰাজনৈতিক বিশ্লেষক বৈকুণ্ঠ গোস্বামীৰ মৃত্যুত নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়া,'' এন ইউজেআই আৰু জাৰ্ণেলিষ্ট এছচিয়েশ্যন অৱ আছাম ''জা''য়ে গভীৰ শোক প্ৰকাশ কৰ
প্ৰবীণ সাংবাদিক বৈকুণ্ঠ গোস্বামীৰ বিয়োগত এনইউজেআই' আৰু 'জা' ৰ শোক


গুৱাহাটী, ২৪ অক্টোবৰ (হি.স.)। ৰাজ্যখনৰ প্ৰবীণ সাংবাদিক তথা নিবন্ধকাৰ, সম্পাদক, ৰাজনৈতিক বিশ্লেষক বৈকুণ্ঠ গোস্বামীৰ মৃত্যুত নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়া,' এন ইউজেআই আৰু জাৰ্ণেলিষ্ট এছচিয়েশ্যন অৱ আছাম 'জা'য়ে গভীৰ শোক প্ৰকাশ কৰিছে।

এক প্ৰেছ বিজ্ঞপ্তিত 'জা' সভাপতি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, মুখ্য উপদেষ্টা তথা 'এন ইউজেআই'ৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ভূপেন গোস্বামী আৰু 'জা'ৰ সাধাৰণ সম্পাদক ডালিম ফুকনে কয় যে বৈকুণ্ঠ গোস্বামীৰয়ে সত্তৰ দশকৰ পৰা দীৰ্ঘ দিন ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সংবাদ সেৱাৰে অসমৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ৰাজ্যৰ সকলো সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক সকলক ঐক্যবদ্ধ কৰাৰ চেষ্টা কৰিছিল। সাংবাদিক আৰু সংবাদ মাধ্যমৰ ন্যাৰ্য প্ৰাপ্তিৰ ক্ষেত্ৰত সংগ্ৰাম আৰম্ভ কৰিছিল।

এনে এজন প্ৰতিবাদী কণ্ঠৰ সাংবাদিকৰ মৃত্যুত অসম সাংবাদিকতাৰ ক্ষেত্ৰত এক অপূৰণীয় ক্ষতি।আজীৱন নিষ্ঠা আৰু দায়বদ্ধতাৰে অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত থাকি প্ৰবীণ সাংবাদিক বৈকুণ্ঠ গোস্বামীয়ে ৰাজ্যখনৰ সংবাদ সেৱাৰ জগত তথা জাতীয় জীৱনলৈ যি অনবদ্য অৱদান আগবঢ়াই গ'ল সেয়া সততে স্মৰণীয় হৈ ৰ'ব ৷ 'জা' আৰু এনইউজেআইয়ে প্ৰবীণ সাংবাদিক বৈকুণ্ঠ গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande