মহানগৰীৰ খানাপাৰাত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক
গুৱাহাটী, ২৪ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ এটা দলে ড্ৰাগছ সৰবৰাহৰ গোচৰত জড়িত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত খানাপাৰা অঞ্চলত অভিযান চলাই সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃ
ड्रग्स समेत दो गिरफ्तार


ड्रग्स समेत दो गिरफ्तार


গুৱাহাটী, ২৪ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ এটা দলে ড্ৰাগছ সৰবৰাহৰ গোচৰত জড়িত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। শুকুৰবাৰে আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ ভিত্তিত খানাপাৰা অঞ্চলত অভিযান চলাই সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে।

ধৃত সৰবৰাহকাৰী দুটাৰ নাম কৃষ্ণ নাথ (২৭) আৰু দোটো দাস (২৩) বুলি জানিব পৰা গৈছে। ধৃত অভিযুক্ত দুজনৰ পৰা ২৫.১৩ গ্ৰাম হেৰ’ইন জব্দ কৰা হৈছে। সৰবৰাহকাৰীয়ে দুটা চাবোনৰ বাকচত লুকুৱাই ৰাখিছিল হেৰ’ইন খিনি। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এএছ ২৩ এএ ৩৫৩৮ নম্বৰৰ এখন গাড়ী আৰু এটা মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande