


যোৰহাট, ২২ অক্টোবৰ (হি.স.)। যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা l যোৰহাট গড়মূৰৰ শংকৰপুৰ সেউজ নগৰ পথত আজি দুপৰীয়া সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড l
এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰুপে ভস্মীভূত হয় এটা বাসগৃহ। বাসগৃহত থকা সকলো টকা পইচা, সকলো নথি পত্ৰৰ লগতে আন আন সামগ্ৰী অগ্নিত জাহ যায়। পিছত পৰিয়ালৰ লোক তথা স্থানীয় লোকে বহু সময় যুজ দি এই জুই নিৰ্বাপিত কৰে যদিও তেতিয়ালৈ ঘৰৰ সামগ্ৰী জুইত জাহ যায়।
অগ্নি কাণ্ডত ঘৰ জাহ যোৱা পৰিয়ালটোৰ মতে কাষৰ এঘৰ মানুহেই ইৰ্ষাপূৰ্ণভাৱে এই ঘটনা সংঘটিত কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। অৱশ্যে এই অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো ব্যক্তি। অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু