মহানগৰীৰ মথুৰানগৰত টিং ফুটি গুলী সোমাল এজন লোকৰ বাসগৃহত
গুৱাহাটী, ২২ অক্টোবৰ (হি.স.)। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ ডাউনটাউনৰ সমীপৰ মথুৰানগৰত নিশা টিং ফুটি গুলী সোমাল এজন লোকৰ বাসগৃহত। এই ঘটনা সন্দৰ্ভত লোকজনে আৰক্ষীক খবৰ দিয়াত এই কথা পোহৰলৈ আহে। জানিব
মহানগৰীৰ মথুৰানগৰত টিং ফুটি গুলী সোমাল এজন লোকৰ বাসগৃহত


গুৱাহাটী, ২২ অক্টোবৰ (হি.স.)। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ ডাউনটাউনৰ সমীপৰ মথুৰানগৰত নিশা টিং ফুটি গুলী সোমাল এজন লোকৰ বাসগৃহত। এই ঘটনা সন্দৰ্ভত লোকজনে আৰক্ষীক খবৰ দিয়াত এই কথা পোহৰলৈ আহে।

জানিব পৰা অনুসৰি অঞ্চলটোৰ পূবেৰুণ পথৰ গৃহ নং ৪ত সংঘটিত হৈছে এই ঘটনাটো। মোছা আলি নামৰ লোকজনৰ ঘৰৰ ভিতৰত আলমিৰাত সোমাল এটা গুলী। বাসগৃহটোত কেয়াৰটেকাৰ হিচাপে আছিল মোছা আলিৰ পৰিয়াল। ইফালে এই ঘটনাত সৌভাগ্যক্রমে ৰক্ষা পৰে কেয়াৰ টেকাৰজনৰ পৰিয়ালটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰে খালী কাৰ্টিজটো।

আৰক্ষীয়ে সম্প্ৰতি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু গুলীটো কৰ পৰা ফুটিছিল আৰু কোনে ফুটুৱাইছিল। এয়া কোনো হত্যাৰ প্ৰচেষ্টা আছিল নেকি এই সকলো দিশ চালি জাৰি চাই অনুসন্ধান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande