গোৱালপাৰাত পথ দুৰ্ঘটনাত এজন নিহত, আহত ২
গোৱালপাৰাত দিওৱালীৰ আনন্দৰ মাজতে ভয়ংকৰ পথদুৰ্ঘটনা, এজন নিহত দুজন আহত।
গোৱালপাৰাত পথ দুৰ্ঘটনাত এজন নিহত, আহত ২


গোৱালপাৰা, ২২ অক্টোবৰ (হি.স.): গোৱালপাৰা চহৰৰ হাচিলা বাস আস্থানৰ সমীপত যোৱা কালি মঙলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন বাইক আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই শোকাৱহ ঘটনা ঘটে। এই দুৰ্ঘটনাত খাইৰুল ইছলাম নামৰ যুৱক এজন ঘটনাস্থলীতেই নিহত হয়। লগতে আন দুগৰাকী যুৱক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকসকলে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহত খাইৰুল ইছলামৰ ঘৰ কাৰবলাত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পাছতেই গোৱালপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰাৰ শ্বহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে ট্রাকখনে দুৰ্ঘটনাৰ পিছতেই পলায়ন কৰে, যদিও আৰক্ষীয়ে ট্ৰাকখনৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে। দীপাৱলীৰ আনন্দময় পৰিবেশৰ মাজত সংঘটিত এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্য আৰু শোকৰ ছাঁ পেলাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande