৫৯ সংখ্যক গৰেমাৰী ষাঠিশামুকা শ্যামা পূজা মহোৎসৱত মুকলি জুৱাৰ আদ্দা
৫৯ সংখ্যক গৰেমাৰী ষাঠিশামুকা শ্যামা পূজা মহোৎসৱত মুকলি জুৱাৰ আদ্দা।
৫৯ সংখ্যক গৰেমাৰী ষাঠিশামুকা শ্যামা পূজা মহোৎসৱত মুকলি জুৱাৰ আদ্দা


বাক্সা, ২২ অক্টোবৰ (হি.স.): বাক্সা জিলাত অনুষ্ঠিত হৈছে ৫৯তম গৰেমাৰী ষাঠিশামুকা শ্যামা পূজা মহোৎসৱ। পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই পূজা মহোৎসৱত অবৈধভাৱে জুৱা খেলাৰ অভিযোগ উঠিছে। নলবাৰী জিলাৰ দাহুদী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ৫ দিনীয়া কাৰ্যসূচী পালন কৰা হৈছে এই পূজা মহোৎসৱ ।

অভিযোগ অনুসৰি ৫৯ সংখ্যক গৰেমাৰী ষাঠিশামুকা শ্যামা পূজা মহোৎসৱত মেলাৰ নামত মুকলি জুৱাৰ আদ্দা বহিছে। এফালে যুগনায়ক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু আনফালে চলিছে যুৱাৰ ৰমৰমীয়া বেহা। ইফালে সাংবাদিকৰ আগত একো নজনাৰ ভাও ধৰিছে শ্যামা পূজা উদযাপন সমিতিৰ কৰ্মীসকলে । অথচ পূজা স্থলীৰ ভিতৰতে অনুষ্ঠিত হৈছে জুৱাখেল। আনহাতে সকলো দেখিও নেদেখাৰে ভাও ধৰাৰ অভিযোগ উঠিছে বাক্সা আৰক্ষীৰ বিৰুদ্ধে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande