শিৱসাগৰত ৰন্ধন গেছ পৰিবাহী পাইপেৰে গেছ নিৰ্গমন
শিৱসাগৰত ৰন্ধন গেছ পৰিবাহী পাইপেৰে গেছ নিৰ্গমন ।
শিৱসাগৰত ৰন্ধন গেছ পৰিবাহী পাইপেৰে গেছ নিৰ্গমন


শিৱসাগৰ, ২২ অক্টোবৰ (হি.স.): শিৱসাগৰত সংঘটিত হৈছে এক অঘটন। যোৱা কালি মঙলবাৰে বিয়লি পোহৰলৈ অহা এই ঘটনা অনুসৰি ৰন্ধন গেছ পৰিবাহী পাইপেৰে গেছ নিৰ্গমন হয়। শিৱসাগৰ নগৰৰ মিলন মন্দিৰৰ সমীপত এই গেছ নিৰ্গমনৰ ঘটনা ঘটিছে ।

ইফালে হঠাৎ গেছ নিৰ্গমনৰ ঘটনাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । আটচবাজীৰ পৰা ওলোৱা ফিৰিঙতিৰ ফলত গেছ নিৰ্গমন হোৱা পাইপত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকল। গেছ নিৰ্গমন হোৱা পাইপৰ জুই নুমুৱালেও পাইপৰ পৰা বৰ্তমানেও গেছ নিৰ্গমন অব্যাহত আছে । ইয়াকে লৈ বৰ্তমানেও শংকিত হৈ আছে শিৱসাগৰবাসী। এই ক্ষেত্ৰত অ’এনজিচিৰ কাৰীকৰি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande