হোজাইত কালী পূজাৰ সুযোগ লৈ মুকলি জুৱা বেহা
হোজাই ত কালী পূজাৰ সুযোগ লৈ মুকলি জুৱা বেহা।
হোজাইত কালী পূজাৰ সুযোগ লৈ মুকলি জুৱা বেহা


হোজাই, ২২ অক্টোবৰ (হি.স.): ৰাজ্য়ৰ বিভিন্ন ঠাইত পূজাৰ নামত জুৱাৰ বেহা মেলাৰ অভিযোগ উত্থাপিত হৈছে। হোজাই জিলাও ইয়াৰ ব্য়তিক্ৰম নহয়। হোজাইত কালী পূজাৰ সুযোগ লৈ মুকলি জুৱা বেহা চলোৱাৰ অভিযোগ উঠিছে। হোজাই আৰক্ষীক ভেঙুচালি কৰি মুক্ত ভাবে ঝাণ্ডী মুণ্ডাৰ দৰে জুৱাৰ বেহাক লৈ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে সাধাৰণ ৰাইজে।

অভিযোগ অনুসৰি হোজাই কুমুৰাকতাৰ কালী মন্দিৰৰ সমীপত পথৰ কাষত মুক্ত মনে চলাই গৈছে এই মুকলি বেহা। এই ক্ষেত্ৰত হোজাই আৰক্ষী চকীৰ নিৰ্বিকাৰ ভুমিকা চৰ্চাৰ বিষয় হৈ পৰিছে। অৱশ্যে খৱৰ দিয়াৰ বহু সময় পিছত হোজাই আৰক্ষী চকী এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল যদিও আৰক্ষীৰ দল পোৱাৰ আগতে খেল আধাতে সামৰি জুৱাৰী সকল আঁতৰি যায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande