হোজাই, ০২ অক্টোবৰ (হি.স.)। লংকাত বনৰীয়া হাতীৰ উপদ্ৰৱ
। হাতীৰ আক্ৰমণত ভয়ংকৰ বাবে আহত এটা পৰিয়ালৰ মহিলা, কিশোৰ সহ মুঠ তিনিজন লোক
। আহত তিনিজনক হোজাই অসামৰিক চিকিৎসালয়ৰ পৰা নিশা গুৱাহাটী জিএমচিএইছ লৈ প্ৰেৰণ কৰা হয়।
বৰ্তমান তিনিজনৰ অৱস্থা অতি সংকট জনক
। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা আন এজন কিশোৰৰ
। নিশা লংকাজান দৰৰ্জিচিট গাঁৱত বনৰীয়া হাতীৰ জাকে আক্ৰমন কৰি ঘৰ দুৱাৰ লণ্ডভণ্ড কৰি থাকোতে হাতীৰ আক্ৰমনৰ পৰা পলাবলৈ ধৰোতে হাতীয়ে আক্ৰমণ কৰি গচকি দিয়াত একেটা পৰিয়ালৰ তিনিজন লোক আহত হয় ।
ইফালে এনদৰে অঞ্চলটোত হস্তী –মানৱ সংঘাতৰ ফলত স্থানীয় ৰাইজে এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে। শীঘ্ৰে চৰকাৰে হস্তী মানৱ সংঘাত দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও স্থানীয় লোকে দাবী জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী