নগাঁও, ০২ অক্টোবৰ (হি.স.)। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী তথা আবিৰ্ভাৱ মহোৎসৱ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত গুৰুৰ আৱিৰ্ভাব মহোৎসৱভাগ আড়ম্বৰপূৰ্ণভাৱে আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে।
তদুপলক্ষে বটদ্ৰৱা থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ সকলৰ উপস্থিতিত উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে। পুৱা তাল কোবোৱা প্ৰসঙ্গ, মঞ্জিৰা নাম, উষা কীৰ্তনৰ পাছতে আই সকলৰ নাম, খোল প্ৰসঙ্গৰ লগতে সমগ্ৰ সত্ৰ পৰিভ্ৰমণ কৰি এক সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। আনহাতে দুপৰীয়া নাম প্ৰসঙ্গত ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে। ইফালে বিয়লি গুৰুচৰিত পাঠৰ পাছত সন্ধিয়া ৫৭৬ গছি বন্তি প্ৰজ্বলন কৰা হব। নিশা গুৰুজনাৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি বটদ্ৰৱাৰ দুই সত্ৰৰ যুৱক বৃন্দৰ দ্বাৰা নৃসিংহ যাত্ৰা ভাওনা প্ৰদৰ্শন কৰা হ’ব।
ইফালে কাইলৈ পুৱাৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ অন্তত নিশা পৰিজাত হৰণ শীৰ্ষক গুৰু অংকীয়া ভাওনা পৰিবেশন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা