ৰঙিয়াৰ তাঁতীপাৰাত গুৰুজনাৰ জন্মোৎসৱ চাৰিদিনীয়া কাৰ্য্যসূচীৰে পালন
কামৰূপ, ০২ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ তাঁতীপাৰাত এইবেলি শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে চাৰিদিনীয়া সোণালী জয়ন্তী মহোৎসৱ অতি উৎসাহ আৰু ভক্তিভাৱেৰে পালন কৰা হৈছে । বিগত বছৰবোৰৰ দৰে এইবাৰো তাঁতীপাৰাৰ ৰাইজে এই উৎসৱক বিশেষ গুৰুত্বসহকাৰে এক অক্টোবৰৰ
ৰঙিয়াৰ তাঁতীপাৰাত গুৰুজনাৰ জন্মোৎসৱ চাৰিদিনীয়া কাৰ্য্যসূচীৰে পালন


কামৰূপ, ০২ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ তাঁতীপাৰাত এইবেলি শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে চাৰিদিনীয়া সোণালী জয়ন্তী মহোৎসৱ অতি উৎসাহ আৰু ভক্তিভাৱেৰে পালন কৰা হৈছে । বিগত বছৰবোৰৰ দৰে এইবাৰো তাঁতীপাৰাৰ ৰাইজে এই উৎসৱক বিশেষ গুৰুত্বসহকাৰে এক অক্টোবৰৰ পৰা চাৰি অক্টোবৰলৈ আয়োজন কৰিছে ।

প্ৰথম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ পিছত দ্বিতীয় দিনৰ কাৰ্যক্ৰমৰ শুভাৰম্ভ হয় এক চাফাই অভিযানৰে । ইয়াৰ পিছত , পুৱাৰ ভাগত তিনিগৰাকী বিশিষ্ট অতিথিয়ে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰে । ইয়াৰ লগে লগে গান্ধী জয়ন্তী উপলক্ষে উপস্থিত ভক্তসকলে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত ফুলৰ মালাৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে, যিয়ে এই দিনটোৰ গুৰুত্বক আৰু অধিক বৃদ্ধি কৰে ।

শ্ৰদ্ধাঞ্জলি অৰ্পণৰ পিছত , ৰঙিয়াৰ পঞ্চাশজন বিশিষ্ট ব্যক্তিয়ে সোণালী জয়ন্তীৰ প্ৰতীক হিচাপে পঞ্চাশখন পতাকা উত্তোলন কৰে , যিয়ে উৎসৱৰ উৎসাহ-উদ্দীপনাক দৃশ্যমানভাৱে প্ৰকাশ কৰিছিল । পতাকা উত্তোলনৰ পিছত , ভক্তসকলে একত্ৰিত হৈ নাম-প্ৰসংগত অংশগ্ৰহণ কৰি পৰিৱেশ আধ্যাত্মিকতাৰে পৰিপূৰ্ণ কৰি তোলে । দুপৰীয়া ভাগত , সকলো ভক্তই একেলগে সিদ্ধ অন্ন গ্ৰহণ কৰি সামূহিক সৌহাৰ্দ্য আৰু একতাৰ পৰিচয় দিয়ে । নিশাৰ ভাগত, আয়োজকসকলে ভক্তসকলৰ বাবে মহিলাসকলৰ নাগাৰা নাম-প্ৰসংগ পৰিৱেশনৰ ব‍্যৱস্থা কৰে ।

এই চাৰিদিনীয়া সোণালী জয়ন্তী মহোৎসৱৰ জৰিয়তে তাঁতীপাৰাৰ ৰাইজে শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য অৱদানক স্মৰণ কৰি তেওঁৰ আদৰ্শ আৰু শিক্ষাক জীৱন্ত কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে । এই উৎসৱে কেৱল ধৰ্মীয় গুৰুত্বই নহয়, সামাজিক একতা আৰু পৰিৱেশ সচেতনতাৰ বাৰ্তাও প্ৰেৰণ কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande