বিজয়া দশমীৰ দিনটোত জুবিনময় হৈ পৰিল মঙলদৈৰ ৰাজপথ
দৰং, ০২ অক্টোবৰ (হি.স.)। বিজয়া দশমীৰ দিনটোত জুবিনময় হৈ পৰিল মঙলদৈৰ ৰাজপথ। ৰাজপথত প্ৰতিধ্বনিত হল মায়াবিনী, তুমি মোৰ মাথো মোৰ, য়া আলি, বিহু গীতকে ধৰি বহু গীত। দেৱীৰ বিসৰ্জনৰ সময়ত দেৱী বন্দনাৰ পৰিবৰ্তে প্ৰায় প্ৰতিখন পূজা সমিতিয়ে শোভাযাত্ৰাৰ সময়ত পৰিবে
বিজয়া দশমীৰ দিনটোত জুবিনময় হৈ পৰিল মঙলদৈৰ ৰাজপথ


দৰং, ০২ অক্টোবৰ (হি.স.)। বিজয়া দশমীৰ দিনটোত জুবিনময় হৈ পৰিল মঙলদৈৰ ৰাজপথ। ৰাজপথত প্ৰতিধ্বনিত হল মায়াবিনী, তুমি মোৰ মাথো মোৰ, য়া আলি, বিহু গীতকে ধৰি বহু গীত।

দেৱীৰ বিসৰ্জনৰ সময়ত দেৱী বন্দনাৰ পৰিবৰ্তে প্ৰায় প্ৰতিখন পূজা সমিতিয়ে শোভাযাত্ৰাৰ সময়ত পৰিবেশন কৰিলে জুবিনৰ এইসমূহ গীত।

উল্লেখযোগ্য যে আজি মঙলদৈ নদীৰ বিসৰ্জন ঘাটত প্ৰায় ৯০ খন পূজা মণ্ডপৰ পৰা দেৱীৰ বিসৰ্জনৰ ব্যবস্থা কৰিছে দৰং জিলা প্ৰশাসনে। দেৱীৰ প্ৰতিমা বিসৰ্জনৰ লগে লগে আজিৰ পৰা পাছ দিনিয়া দুৰ্গাপুজা মহোৎসৱৰ অন্ত পৰিল। সকলো দুৰ্গা পুজা স্থলীত বৰ্তমান নিমাওমাও পৰিবেশে বিৰাজ কৰিছে।

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে দুৰ্গা পুজাৰ আনন্দ উল্লাস কিছু পৰিমাণে ম্লান কৰিছে যদিও আজি বিজয়াদশমীৰ দিনা প্ৰতিমা বিসৰ্জনৰ লগে লগে চলিত বৰ্ষৰ দুৰ্গাপুজাৰ অন্ত পৰিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande