দক্ষিণ শালমাৰা, ০২ অক্টোবৰ (হি.স.)। ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বৰ্মণপাৰাত মা দূৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন উপভোগ কৰিবলৈ সহস্ৰাধিক ভক্তৰ ভীৰ ,কাঁইটীয়া তাঁৰৰ সিপাৰৰ পৰা একাংশ বাংলাদেশী লোক বিসৰ্জনৰ আনন্দ উপভোগ কৰিব আহে যদিও সীমান্তত কৰ্তব্যৰত বি এছ এফ ৰ জোৱানে আতৰাই পঠিয়াই বাংলাদেশী সকলক।
জানিব পৰা মতে বিগত বৰ্ষ সমূহত শ শ বাংলাদেশী লোকে দুৰ্গা পুজাৰ বিসৰ্জনৰ আনন্দ উপভোগ কৰিব আহে কিন্তু নিৰাপত্তাৰ ক্ষেত্ৰত এই বেলি বিএছএফ এ কাঁইটীয়া তাঁৰৰ পৰা আতৰাই পঠিয়াই ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসমৰ আলগা বৰ্মন পাৰা পুজা মণ্ডপৰ মা দূৰ্গা দেৱীৰ প্ৰতিমাক সম্পুৰ্ণ ধৰ্মীয় ৰীতি নিয়মেৰে বিসৰ্জন দিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এখন বিলত ।
সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱা বাবে হিন্দু মুছলমান মিলি শান্তিপূৰ্ণ ভাৱে মা দূৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়ে।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল হোৱা বাবে সীমান্ত সূৰক্ষা বাহিনীৰ লগতে অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেদি শান্তিপূৰ্ণ ভাৱে বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা