নগাঁওৰ শিঙিমাৰী চাহ বাগানত সংঘটিত পথ দুৰ্ঘটনাত পথচাৰী নিহত
নগাঁও, ০২ অক্টোবৰ (হি.স.)। দুৰ্গা পূজাৰ মহানৱমীৰ নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত কামপুৰ-বৈঠালাংচু পথৰ শিঙিমাৰী চাহ বাগানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ই- ৰিক্সাৰ খুন্দাত থিতাতে নিহত হয় পথচাৰী বিমল কছাৰী নামৰ এগৰাকী ব্যক্তি। নিশা পূজা মণ্
নগাঁওৰ শিঙিমাৰী চাহ বাগানত সংঘটিত পথ দুৰ্ঘটনাত পথচাৰী নিহত


নগাঁও, ০২ অক্টোবৰ (হি.স.)। দুৰ্গা পূজাৰ মহানৱমীৰ নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত কামপুৰ-বৈঠালাংচু পথৰ শিঙিমাৰী চাহ বাগানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ই- ৰিক্সাৰ খুন্দাত থিতাতে নিহত হয় পথচাৰী বিমল কছাৰী নামৰ এগৰাকী ব্যক্তি।

নিশা পূজা মণ্ডপলৈ গৈ থকা অৱস্থাত ই- ৰিক্সাখনে খুন্দিয়াৰ ফলত মৃত্যুক আকোঁৱালি ল'ব লগা হয় লোকজন। ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সাখনৰ নম্বৰ এ.এছ ০২ জি.আৰ ৩৪৪১। ইপিনে ই-ৰিক্সাখন জব্দ কৰিছে কচুৱা আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande