কোচবিহাৰ, ০২ অক্টোবৰ (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে চুবুৰীয়া পশ্চিম বংগৰ কোচবিহাৰতো পালন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পৱিত্ৰ তীৰ্থস্থান কোচবিহাৰৰ মধুপুৰ সত্ৰত গুৰুজনাৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্য ক্ৰমণিকাৰে পালন কৰা হয়।
মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, অসম আৰু উত্তৰবংগৰ বিভিন্ন প্ৰান্তত বিজয় দশমীৰ উৎসাহ আৰু উলাহৰ মাজতে উত্তৰ বংগৰ মধুপুৰ সত্ৰৰ বংগ ভাষী লোকসকলে গুৰুজনাৰ জন্ম জয়ন্তী পৰম উৎসাহেৰে আৰু ভক্তিভাৱেৰে পালন কৰে।
জগতগুৰুৰ আদৰ্শ আৰু সৃষ্টিৰাজিক জীয়াই ৰখা আৰু সাৰ্বজনীন ৰূপ দিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপ অতি আদৰণীয়। জন্ম জয়ন্তীৰ কাৰ্য্যসূচীত মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ লগতে উত্তৰ বংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ ভকত আৰু বৈষ্ণৱে অংশ গ্ৰহন কৰে।
গুৰুজয়ন্তী উপলক্ষে ডা০ কেশৱ দাসৰ নেতৃত্বত উলিওৱা ভাগৱত যাত্ৰাই সমগ্ৰ মধুপুৰ অঞ্চল গুৰুজনাৰ গুৰু বন্দনাৰে মুখৰিত হৈ পৰে। আবেলি ভকত আৰু আইসকলৰ নাম পৰিৱেশনৰ দ্বাৰা দিনটোৰ কাৰ্য্যসূচীৰ সামৰণি পৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী