শ্ৰী ভূমি, ০২ অক্টোবৰ (হি.স.)। পিতৃ গৃহৰ পৰা কৈলাসত থকা স্বামীৰ গৃহলৈ উভতি যাবলগীয়া হ'ল মা দুৰ্গা। আজি যিহেতু বিজয়া দশমী, ফলত দশভূজাক বিজয়া দশমীৰ দিনটোত বিসৰ্জন দিবলৈ আৰম্ভ কৰিলে শ্ৰীভূমিৰ ভক্তপ্ৰাণ ৰাইজে৷ এফালে সকলো ৰাইজক জুৱিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে এইবেলি ব্যথিত কৰিলে৷ তাৰ মাজতে বৈদিক নীতি নিয়মৰ মাজেৰে আজি ভাৰত বাংলাদেশ সীমান্তত থকা কুচিয়াৰা নৈত দশভুজাৰ মৃন্ময় মুৰ্তি বিসৰ্জন দিবলৈ শ্ৰীভূমিৰ বিভিন্ন স্থানত পূজা কমিটিৰ ৰাইজে আৰম্ভ কৰিলে ৷
শ্ৰী ভূমি চহৰৰ ৰামকৃষ্ণ মিছনে অনুষ্ঠিত কৰা দুৰ্গা পুজা মণ্ডপত সিন্দুৰ খেলৰ আয়োজন কৰা হৈছে। মাৰ চৰনত সেৱা জনাই ইজনে সিজনক সিন্দুৰ লগাই থকাৰ দৃশ্য প্ৰত্যক্ষ কৰিব সক্ষম হৈছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা