ডিমৰীয়াৰ পূব মালয়বাৰীত ৰাৱন দাহন কাৰ্যসূচী
ডিমৰীয়াৰ পূব মালয়বাৰীত ৰাৱন দাহন কাৰ্যসূচী
ডিমৰীয়াৰ পূব মালয়বাৰীত ৰাৱন দাহন কাৰ্যসূচী


ডিমৰীয়াৰ পূব মালয়বাৰীত ৰাৱন দাহন কাৰ্যসূচী


কামৰূপ, ০২ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গোৎসৱৰ আজি বিজয়া দশমী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী বিসৰ্জনৰ লগতে অনুষ্ঠিত হৈছে ৰাৱন দাহন কাৰ্যসূচী। জুবিন গাৰ্গ অবিহনে এইবাৰ পূজাৰ উৎসাহ কিছু হ্ৰাস হৈছে যদিও ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে পৰম্পৰাসমূহ।

ডিমৰীয়াৰ মালয়বাৰীৰ পূব মালয়বাৰী দুৰ্গা পূজা উদযাপন সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে ৰাৱন দাহন কাৰ্যসূচী। বহু সংখ্যক লোকৰ উপস্থিতিত উদযাপন সমিতিৰ সভাপতিয়ে প্ৰতিকীৰূপত ৰামচন্দ্ৰই কাঁড় মাৰি অগ্নি প্ৰজ্বলিত কৰি দাহন কৰে ৰাৱনৰ ১৮ ফুট উচ্চতাৰ বৃহৎ প্ৰতিমূৰ্ত্তি।

বিজয়া দশমীৰ এই দিনটোত ৰাৱণ দাহ কাৰ্য্যসূচী হাতত লৈ 'অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়' প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লয় ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande