গুৱাহাটী, ০২ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গোৎসৱৰ উথপথপ পৰিৱেশৰ মাজতে গুৱাহাটী মহানগৰৰ গান্ধীবস্তি অঞ্চলত আজি পুৱা এটা বাসগৃহৰ চাদৰ ওপৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা পোহৰলৈ আহে । মৃত যুৱকজনৰ নাম অভিজিৎ দাস বুলি জনা গৈছে। গুৱাহাটীৰ এখন হোটেলত কৰ্মৰত অভিজিৎ দাস নামৰ যুৱকজনে মাতৃ আৰু ভাতৃৰ সৈতে ভাড়াতীয়া হিচাপে ঘৰটোত বাস কৰিছিল।
আৰক্ষীয়ে অবগত কৰা অনুসৰি বিগত কিছুদিন ধৰি পেটৰ তীব্ৰ বিষত ভুগি থকা অভিজিতে বিষৰ ঔষধ খাই আহিছিল। আৰক্ষীৰ তথ্য অনুসৰি অভিজিতে নিশা প্ৰায় ২০ টা বিষ নিৰাময়ৰ টেবলেট একেলগে সেৱন কৰা বুলি প্ৰমাণ লাভ কৰা হৈছে। খবৰ অনুসৰি তেওঁ কেতিয়া চাদৰ ওপৰলৈ উঠিছিল সেই কথা তেওঁৰ মাক আৰু ভাতৃয়ে গম পোৱা নাছিল। ইফালে পুৱাই তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ খালী ঔষধৰ বাকচ উদ্ধাৰ কৰে। এই সন্দৰ্ভত আৰু অধিক তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ