শোণিতপুৰৰ বালিপৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপন
শোণিতপুৰ, ০২ অক্টোবৰ (হি.স.)। সমগ্ৰ অসমৰ লগতে শোণিতপুৰৰ বালিপৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপন কৰা হৈছে। বালিপৰাৰ এৰাগাঁওৰ শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰত শংকৰ উৎসৱৰ সৈতে সংগতি ৰাখি উলিওৱা হয় ভাগৱত শোভাযাত্ৰা। শোণিত
শোণিতপুৰৰ বালিপৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱ  উদযাপন


শোণিতপুৰ, ০২ অক্টোবৰ (হি.স.)। সমগ্ৰ অসমৰ লগতে শোণিতপুৰৰ বালিপৰাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপন কৰা হৈছে। বালিপৰাৰ এৰাগাঁওৰ শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰত শংকৰ উৎসৱৰ সৈতে সংগতি ৰাখি উলিওৱা হয় ভাগৱত শোভাযাত্ৰা।

শোণিতপুৰৰ বালিপৰাৰ এৰাগাঁওৰ শ্ৰীশ্ৰী কমলাবাৰী শাখা সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তীভাগ পালন কৰা হয়। এই উপলক্ষে এৰাগাঁওস্থিত শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰৰ প্ৰাঙ্গনৰ পৰা ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে সক্ৰিয় অংশগ্ৰহণ কৰে। অঞ্চলটোৰ পুৰুষ মহিলা সমন্নিতে যুৱক যুৱতী সকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি মহাপুৰুষ জনাৰ প্ৰতি সশ্ৰদ প্ৰনিপাত জনায়। উল্লেখ্য যে ভাগৱত শোভাযাত্ৰাৰ সময়চোৱাত গঞা ৰাইজে পদূলিয়ে পদূলিয়ে ধূপ -ধুনা, চাকি -বন্তিৰে সেৱা লোৱা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande