গুৰুজনাৰ বন্দনাৰে মুখৰিত বোকাখাতৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত বিষ্ণুপুৰ প্ৰাথমিক শাখা নামঘৰ
গোলাঘাট, ০২ অক্টোবৰ (হি.স.)। আজি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰ মুখৰিত হৈছে হৰিনামৰ ধ্বনিৰে ৷ বোকাখাততো জগত গুৰুজনাৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয় ৷ বোকাখাতৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ
গুৰুজনাৰ বন্দনাৰে মুখৰিত বোকাখাতৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত বিষ্ণুপুৰ প্ৰাথমিক শাখা নামঘৰ


গোলাঘাট, ০২ অক্টোবৰ (হি.স.)। আজি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰ মুখৰিত হৈছে হৰিনামৰ ধ্বনিৰে ৷ বোকাখাততো জগত গুৰুজনাৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয় ৷ বোকাখাতৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত বিষ্ণুপুৰ প্ৰাথমিক শাখা নামঘৰতো গুৰুজনাৰ বন্দনাৰে মুখৰিত হয় ।

পুৱা প্ৰাতঃপ্ৰসঙ্গ, ধৰ্মধ্বজা উত্তোলনৰ পিছতে ভাগৱত শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ ইয়াৰ পিছতে নাম-কীৰ্তনেৰে গুৰুজনাক স্মৰন কৰিছে সকলোৱে । নাম-প্ৰসঙ্গৰ পিছত ধৰ্মালোচনী সভা অনুষ্ঠিত হয় ৷ ধৰ্মালোচনী সভাৰ আৰম্ভণিতে জনতাৰ শিল্পী, হিয়াৰ আমঠু, হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ বিয়োগত সকলোৱে শোক প্ৰকাশ কৰাৰ লগতে শোক প্ৰাৰ্থনা কৰা হয় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande