


শোণিতপুৰ, ২৭ ছেপ্টেম্বৰ । (হি.স.) শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেশম শিল্প, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তেজপুৰৰ জিলা কনভেনচন চেণ্টাৰত তেজপুৰৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ দ্ৰুত উন্নয়নৰ বাবে বিভিন্ন উন্নয়নমূলক বিষয়, চলি থকা আঁচনি আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়।
এই মত বিনিময় অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহাল, শোণিতপুৰৰ সাংসদ শ্ৰী ৰঞ্জিত দত্ত আৰু তেজপুৰ সমষ্টিৰ বিধায়ক পৃথিৰাজ ৰাভা, বৰসোলা বিধায়ক ঋতু বৰণ শৰ্মা উপস্থিত থাকে। ইয়াৰ উপৰিও শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী মণিষা উপাধ্যায়, তেজপুৰ পৌৰসভাৰ সভাপতি ৰমেন তামুলী আৰু অন্যান্য গণ্যমান্য ব্যক্তি তথা বিশিষ্ট নাগৰিকসকলেও এই আলোচনাত অংশগ্ৰহণ কৰে।
উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উন্নয়ন হৈছে এক ধাৰাবাহিক আৰু সামূহিক প্ৰক্ৰিয়া, যাৰ বাবে চৰকাৰ, জনপ্ৰতিনিধি, জিলা প্ৰশাসন আৰু নাগৰিকসকলৰ মাজত সুদৃঢ় সমন্বয়ৰ প্ৰয়োজন। চলি থকা উন্নয়নমূলক কাৰ্যসূচীসমূহৰ অভাৱ-অভিযোগসমূহ চিনাক্ত কৰি ৰাইজৰ মৌলিক প্ৰয়োজনসমূহ পূৰণৰ বাবে ব্যৱহাৰিক আৰু সমন্বিত পৰিকল্পনা যুগুত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীয়ে বিশিষ্ট নাগৰিকসকলৰ পৰামৰ্শ আৰু মতামতক আদৰণি জনাই কয় যে তৃণমূল পৰ্যায়ৰ প্ৰয়োজনীয়তা বুজিবলৈ আৰু উন্নয়নমূলক পদক্ষেপসমূহ ৰাইজৰ প্ৰয়োজন অনুসৰি পৰিচালনা কৰিবলৈ এনে মত বিনিময় কাৰ্যসূচী অত্যন্ত গুৰুত্বপূৰ্ণ। উন্নয়নমূলক প্ৰকল্পসমূহ সময়মতে আৰু ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে বিভিন্ন বিভাগ আৰু সংস্থাৰ মাজত অধিক সমন্বয় ৰক্ষাৰ বাবেও তেওঁ আহ্বান জনায়।
আলোচনাকালত তেজপুৰ তথা শোণিতপুৰ জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক বিষয় আলোচনা কৰা হয়। ইয়াৰ ভিতৰত আছিল— কনকলতা অসামৰিক চিকিৎসালয়ৰ প্ৰস্তাৱিত সংস্কাৰ আৰু উন্নীতকৰণ, সংহত জিলা আয়ুক্ত কাৰ্যালয় চৌহদৰ নিৰ্মাণ, তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ স্থানান্তৰকৰণ, আৰু ঐতিহাসিক গড় দৌল ক্ষেত্ৰৰ সংৰক্ষণ তথা পুনৰুদ্ধাৰ ইত্যাদি।
ইয়াৰ উপৰিও সভাখনত আধুনিক পৌৰ আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ লগতে বাট-পথ, ৰাজহুৱা গৃহ আৰু অন্যান্য উন্নয়নমূলক প্ৰয়োজনীয়তা সম্পৰ্কীয় আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়েও আলোচনা কৰা হয়।
মন্ত্ৰীগৰাকীয়ে স্থানীয় অগ্ৰাধিকাৰসমূহ সঠিকভাৱে বুজ লৈ সমন্বিত প্ৰচেষ্টাৰে উন্নয়নমূলক পদক্ষেপসমূহ আগবঢ়াই নিয়াৰ গুৰুত্ব পুনৰ দোহাৰে। তেওঁ কয় যে শোণিতপুৰ জিলাৰ সুষম আৰু দ্ৰুত উন্নয়ন নিশ্চিত কৰিবলৈ সকলো অংশীদাৰৰ মাজত নিৰৱচ্ছিন্ন সমন্বয় অপৰিহাৰ্য ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ