
গুৱাহাটী, ১১ নৱেম্বৰ(হি.স.)। অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ১০ নৱেম্বৰত সম্পূৰ্ণ হয়।
এইবাৰৰ নিৰ্বাচনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ বিপৰীতে মুঠ ২৬৮গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। একেদৰে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ৩২টা সমষ্টিৰ বিপৰীতে মুঠ ১৬৩গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।
উল্লেখ্য যে, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ৬,৩৫,৪৯৩গৰাকী ভোটাৰে ৪০টা সমষ্টিৰ অন্তৰ্গত ১,০৩২টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । পৰিষদ খনৰ ৪০টা সমষ্টিৰ ভিতৰত ২৮টা সমষ্টি অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে আৰু ৭টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত ৰখা হৈছে । আনহাতে, ৫টা সমষ্টি সকলো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মুকলি ৰখা হৈছে ।
আনহাতে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত মুঠ ১,৬৩,৯৬৬গৰাকী ভোটাৰে ৩২টা সমষ্টিৰ অন্তৰ্গত ৩৩৭টা ভোটগ্ৰহণ কেন্দ্ৰৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিব। পৰিষদখনৰ ৩২টা সমষ্টিৰ ভিতৰত ২৫টা সমষ্টি অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে আৰু ৬টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত ৰখা হৈছে । ইয়াৰ বিপৰীতে, এটা সমষ্টি সকলো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মুকলি ৰখা হৈছে ।
উল্লেখযোগ্য যে, দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন মুক্ত, নিকা, অবাধ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে মুঠ ৪৫গৰাকী নিৰ্বাচনী পৰ্যবেক্ষক নিয়োগ কৰিছে । ইয়াৰ উপৰি, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিগৰাকী প্ৰাৰ্থীৰ সৰ্বাধিক নিৰ্বাচনী ব্যয়ৰ সীমা ২ লাখ টকা নিৰ্ধাৰণ কৰিছে আয়োগে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ