
–অতিৰিক্ত তিনিযোৰ বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত
গুৱাহাটী, ১১ নৱেম্বৰ(হি.স.)। ছট পূজা উপলক্ষে যাত্ৰী সকলৰ যাতায়াতৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিহাৰ, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চল সামৰি পাঁচযোৰ উৎসৱ বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে।
ইয়াৰ ভিতৰত দুযোৰ বিশেষ ৰে'লৰ চলাচলৰ সময়সীমা বৃদ্ধি কৰা হৈছে আৰু তিনিযোৰ অতিৰিক্ত বিশেষ ৰে'ল পৰিচালন কৰা হ'ব । এন এফ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি সংবাদ মাধ্যমক এই বিষয়ে উল্লেখ কৰে।
সময়সীমা বৃদ্ধি কৰা দুযোৰ ৰে'লৰ ভিতৰত ৰে’ল নং. ০৭৫৫৫/০৭৫৫৪ (কাটিহাৰ–পূৰ্ণিয়া–কাটিহাৰ) ৰে'লখন এতিয়া আৰাৰিয়ালৈকে সম্প্ৰসাৰণ কৰা হৈছে। আনহাতে, ৰে’ল নং. ০৮৬৬১/০৮৬৬২ (ৰাঁচী–আলিপুৰদুৱাৰ জংচন–ৰাঁচী) সাপ্তাহিক পূজা বিশেষ ৰে’লযোৰ প্ৰতিটো দিশত দুটাকৈ অতিৰিক্ত ট্ৰিপৰ বাবে চলিব।
তিনিযোৰ অতিৰিক্ত বিশেষ ৰে'লৰ ভিতৰত ৰে’ল নং. ০৭৫৪৬/০৭৫৪৫ আৰু ৰেল নং. ০৭৫৪৮/০৭৫৪৭ (কাটিহাৰ–মনিহাৰি–কাটিহাৰ) তথা ৰে’ল নং. ০৩১২৫/০৩১২৬ (কলকাতা–নিউ কোচবিহাৰ–কলকাতা) ৰে'লসমূহ অন্তৰ্ভুক্ত আছে।
০৭৫৫৫ নম্বৰৰ (কাটিহাৰ–আৰাৰিয়া) উৎসৱ বিশেষ ৰে’লখন ২০২৬ চনৰ ১১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ প্ৰতিদিনে ২১:৩০ বজাত কাটিহাৰৰ পৰা ৰাওনা হৈ ২৩:৩০ বজাত আৰাৰিয়াত উপস্থিত হ’ব। উভতনি যাত্ৰাত ০৭৫৫৪ নম্বৰৰ (আৰাৰিয়া–কাটিহাৰ) বিশেষ ৰে’লখন ২০২৬ চনৰ ১২ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ প্ৰতিদিনে ০০:১৫ বজাত আৰাৰিয়াৰ পৰা ৰাওনা হৈ ০২:১৫ বজাত কাটিহাৰত উপস্থিত হ’ব। এই বিশেষ ৰে’লখন ৮টা ডবাৰে প্ৰতিটো দিশত ২০টাকৈ ট্ৰিপৰ বাবে চলিব।
০৮৬৬১ নম্বৰৰ (ৰাঁচী–আলিপুৰদুৱাৰ জংচন) সাপ্তাহিক পূজা বিশেষ ৰে’লখন ২০২৬ চনৰ ১৬ আৰু ২৩ নৱেম্বৰত ৰাঁচীৰ পৰা মুঠ দুটা অতিৰিক্ত ট্ৰিপৰ বাবে চলিব। উভতনি যাত্ৰাত ০৮৬৬২ নম্বৰৰ (আলিপুৰদুৱাৰ জংচন–ৰাঁচী) বিশেষ ৰে’লখন ১৮ আৰু ২৫ নৱেম্বৰত আলিপুৰদুৱাৰ জংচনৰ পৰা ৰাওনা হ’ব । দুয়োখন ৰে'ল পূৰ্বৰ নিৰ্ধাৰিত সময়সূচী, ষ্টপেজ আৰু ডবাৰ গঠন অনুসৰি চলাচল কৰিব।
০৭৫৪৬ নম্বৰৰ (কাটিহাৰ–মনিহাৰি) উৎসৱ বিশেষ ৰে’লখনৰ দৈনিক সেৱা ২০২৬ চনৰ ৯ নৱেম্বৰত আৰম্ভ হৈছে আৰু ১৬ নৱেম্বৰলৈকে চলিব। ৰে’লখন প্ৰতিদিনে ২৩:১৫ বজাত কাটিহাৰৰ পৰা ৰাওনা হৈ পিছদিনা ০০:১৫ বজাত মনিহাৰিত উপস্থিত হয়।
ওভোতনি যাত্ৰাত ০৭৫৪৫ নম্বৰৰ (মনিহাৰি–কাটিহাৰ) বিশেষ ৰে’লখনৰ দৈনিক সেৱা ১০ নৱেম্বৰত আৰম্ভ হৈছে আৰু ১৭ নৱেম্বৰলৈকে চলিব। ৰে’লখন ০২:০০ বজাত মনিহাৰিৰ পৰা ৰাওনা হৈ ০৩:০০ বজাত কাটিহাৰত উপস্থিত হয় । এই বিশেষ ৰে’লখন ৮টা ডবাৰে প্ৰতিটো দিশত ৮টাকৈ ট্ৰিপৰ বাবে চলিব।
০৭৫৪৮ নম্বৰৰ (কাটিহাৰ–মনিহাৰি) উৎসৱ বিশেষ ৰে’লখন ২০২৬ চনৰ ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ প্ৰতিদিনে ১০:৪৫ বজাত কাটিহাৰৰ পৰা ৰাওনা হৈ ১১:৪৫ বজাত মনিহাৰিত উপস্থিত হ’ব । উভতনি যাত্ৰাত ০৭৫৪৭ নম্বৰৰ (মনিহাৰি–কাটিহাৰ) বিশেষ ৰে’লখন একে সময়ছোৱাত প্ৰতিদিনে ১২:০০ বজাত মনিহাৰিৰ পৰা ৰাওনা হৈ ১৩:০০ বজাত কাটিহাৰত উপস্থিত হ’ব।
এই বিশেষ ৰে’লখন ৮টা ডবাৰে প্ৰতিটো দিশত ৬টাকৈ ট্ৰিপৰ বাবে চলিব। এই পথত অধিক যাত্ৰীক যাতায়াতৰ সুবিধা দিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই ০৭৫৪০/০৭৫৩৯ নম্বৰৰ (কাটিহাৰ–মনিহাৰি–কাটিহাৰ) উৎসৱ বিশেষ ৰে’লত অতিৰিক্ত তিনিটা ডবা সংযোজন কৰিব।
০৩১২৫/০৩১২৬ নম্বৰৰ (কলকাতা–নিউ কোচবিহাৰ–কলকাতা) সাপ্তাহিক বিশেষ ৰে’ল সেৱা কলকাতাৰ পৰা ২০২৬ চনৰ ৭ নৱেম্বৰত আৰু নিউ কোচবিহাৰৰ পৰা ৮ নৱেম্বৰত আৰম্ভ হৈছে। ০৩১২৫ নম্বৰৰ বিশেষ ৰে’লখন ১৪, ২১ আৰু ২৮ নৱেম্বৰত ২৩:৪০ বজাত কলকাতাৰ পৰা ৰাওনা হৈ পিছদিনা ১৫:৩০ বজাত নিউ কোচবিহাৰত উপস্থিত হ’ব।
ওভোতনি যাত্ৰাত ০৩১২৬ নম্বৰৰ বিশেষ ৰে’লখন ১৫, ২২ আৰু ২৯ নৱেম্বৰত ১৮:৩০ বজাত নিউ কোচবিহাৰৰ পৰা ৰাওনা হৈ পিছদিনা ০৮:১০ বজাত কলকাতাত উপস্থিত হ’ব। এই বিশেষ ৰে’লখন ২২টা ডবাৰে প্ৰতিটো দিশত ৪টাকৈ ট্ৰিপৰ বাবে চলিব।
এই ৰে'লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ আইআৰচিটিচিৰ ৱেবছাইটত উপলব্ধ থকাৰ লগতেবিভিন্ন বাতৰি কাকত আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো এই সম্পৰ্কে জাননী প্ৰকাশ কৰা হৈ আছে। যাত্ৰী সকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৰে'লসমূহৰ সবিশেষ নিশ্চিত কৰি ল'বলৈ অনুৰোধ জনোৱা হৈছে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ