চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬ ঘোষণা বিশিষ্ট শিক্ষাবিদ, দীনেশ গগৈলৈ এই বৰ্ষৰ সন্মান
গোলাঘাট, ১১ নৱেম্বৰ (হি.স.)। বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা দীনেশ গগৈলৈ আগবঢ়োৱা হৈছে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬। জুৰীয়ে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰিছে তেওঁৰ নাম। অহা ২৪ নৱেম্বৰত গোলাঘাটৰ পূব কমাৰবন্ধা
চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬ ঘোষণা বিশিষ্ট শিক্ষাবিদ, দীনেশ গগৈলৈ এই বৰ্ষৰ সন্মান


গোলাঘাট, ১১ নৱেম্বৰ (হি.স.)। বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা দীনেশ গগৈলৈ আগবঢ়োৱা হৈছে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬। জুৰীয়ে সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰিছে তেওঁৰ নাম। অহা ২৪ নৱেম্বৰত গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাস মহোৎসৱৰ মঞ্চত প্ৰদান কৰা হ’ব এই সন্মান।

বিশিষ্ট সাংস্কৃতিক কৰ্মী পবিত্ৰ প্ৰাণ বৰা, সমাজসেৱক পূৰ্ণ ৰাজখোৱা, শিক্ষাবিদ জগত চন্দ্ৰ ভূঞা, লোকেন্দ্ৰ নাথ বৰাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ শিল্পী, শিক্ষাবিদ আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মীৰে গঠিত জুৰীয়ে নিৰ্বাচন কৰে দীনেশ গগৈৰ নাম। শিল্প-সংস্কৃতি আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতিস্বৰূপে প্ৰতিবছৰে এগৰাকী বৰেণ্য ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা হৈছে। উল্লেখ্য যে, বিগত বছৰসমূহত এই সন্মানেৰে সন্মানিত হৈছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা, অভিনেতা অৰুণ হাজৰিকা, আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী, অতুল পাচনি, মাধুৰিমা চৌধুৰী, মলয়া গোস্বামী আৰু প্ৰাঞ্জল শইকীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিত্ব।

উল্লেখযোগ্য যে, প্ৰয়াত চিন্ময় ৰঞ্জন দত্তৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে শিল্প-সংস্কৃতি আৰু সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা এগৰাকী বৰেণ্য ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ সৈতে জড়িত হৈ আছে চিন্ময় ৰঞ্জন দত্তৰ দৰে এগৰাকী মেধাৱী আৰু সংস্কৃতিপ্ৰেমী যুৱকৰ স্মৃতি। চিন্ময় ৰঞ্জন দত্ত আছিল অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন (ONGC)ৰ এগৰাকী জিঅ’লজিষ্ট। কৰ্মজীৱনৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ কানুগাঁও অঞ্চলৰ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাম-কাজতো তেওঁ আছিল অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এগৰাকী উদ্যমী যুৱক। কিন্তু এক পথ দুৰ্ঘটনাই অকালতে কাঢ়ি নিছিল এই প্ৰতিভাৱান যুৱকজনৰ জীৱন।

আন এক উল্লেখযোগ্য সংযোগ এয়াই যে, ১৯৮৪ চনত আৰম্ভ হোৱা ঐতিহ্যমণ্ডিত পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাস মহোৎসৱৰ সময়ছোৱাতে জন্ম হৈছিল চিন্ময় ৰঞ্জন দত্তৰ। সেয়েহে প্ৰতিবছৰে এই ৰাস মহোৎসৱৰ পৱিত্ৰ বাকৰিতে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে শিল্প-সংস্কৃতিৰ ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিক এই বঁটা প্ৰদান কৰি অহা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande