
কংগ্ৰেছে পাপ কৰিছে, কংগ্ৰেছে পাপৰ ফল ভূগিব নগাঁও লোকসভাৰ উপ-নির্বাচনত- শইকীয়া
গুৱাহাটী, ২২ ছেপ্টেম্বৰ (হি.স.)। কংগ্ৰেছে পাপ কৰিছে। এই পাপৰ ফল ভূগিব এইবাৰৰ নগাঁও লোকসভাৰ উপ-নির্বাচনত। এই মন্তব্য ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াৰ। আজি নগাঁও সংসদীয় সমষ্টিৰ আগন্তুক উপ-নির্বাচনত এনডিএ প্রার্থী দেবাশীষ শৰ্মাৰ সমৰ্থনত ৰহাৰ আমচৈ গাও পঞ্চায়তৰ অন্তৰ্গত আমচৈ ৰাজহুৱা ভৱনত আয়োজিত এখন নির্বাচনী প্রচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক সভাপতিজনে কয় যে নগাঁও আমাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। নগাঁও আমাৰ কাৰণে তীর্থস্থান। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ বৰদোৱাত।
সভাপতি শইকীয়াই কয় যে আমি ভাৰতীয় জনতা পার্টিয়ে সদায় আমাৰ ধৰ্ম-সংস্কৃতিক ৰক্ষাৰ কথা কও, কিন্তু অন্য ধর্মকো সন্মান কৰোঁ। সনাতন মানে সকলোকে সম্মান কৰা বুলি মন্তব্য কৰি শইকীয়াই কয় যে দুখীয়া ভূমিহীন লোকক সহায় কৰাটোৱে আমাৰ লক্ষ্য। আমি কোনো ধর্ম, জাতপাত, সম্প্ৰদায়ৰ ৰাজনীতি নকৰো বুলি উল্লেখ কৰি তেও পুনৰ কয় যে মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে দুখীয়া মানুহক মাটিৰ পট্টা দিয়াকে ধৰি সকলো কল্যাণমূলক কাম কৰি আহিছে। কংগ্ৰেছক কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিজনে কয় যে দীর্ঘদিন ধৰি সংখ্যালঘু লোকসকলক কংগ্রেছে প্ৰতাৰণা আৰু শোষণ কৰাৰ ফলত সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰতো এতিয়া কংগ্ৰেছৰ অৱস্থা শোচনীয়। ধর্মীয় সংখ্যালঘুয়ে কংগ্ৰেছৰ সংগ এৰা বুলি মন্তব্য কৰি কয় যে এতিয়া সংখ্যালঘু লোকে বিচাৰিছে উন্নয়ন। উন্নয়ন বিচাৰিছে কাৰণে ধর্মীয় সংখ্যালঘুয়ে বিজেপিক আকোৱালি লৈছে বুলি উল্লেখ কৰি আগন্তুক উপনির্বাচনত বিজেপি তথা এনডিএ প্রার্থী দেৱাশীষ শৰ্মাক পদুম ফুলৰ চিহ্নত ভোট দি জয়যুক্ত কৰিবলৈ শইকীয়াই উপস্থিত জনতক আহ্বান জনায়।
সভাত অংশগ্ৰহণ কৰি এনডিএ প্রার্থী দেৱাশীষ শৰ্মাই নগাঁৱৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলক ভোট দিবলৈ আহ্বান জনাই কয় যে এই ভোট হব বিজেপি চৰকাৰে আগবঢ়াই নিয়া উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ প্রয়াস। সভাত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলা সভাপতি সুৱৰ্ণ সিঙ, ৰাজ্যিক সম্পাদক অভিজিত নাথ প্রমুখ্যে কেবাজনো বক্তাই ভাষণ দিয়ে। উল্লেখ যে সভাপতি দিলীপ শইকীয়াই আজি ৰহা সমষ্টিৰ কেবাখনো ৰাজহুৱা নির্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পিছত সন্ধিয়ালৈ ধিং সমষ্টিত আয়োজিত সভাতো অংশগ্রহণ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী