
চাংৱন, ১২ ছেপ্টেম্বৰ (হি.স.)। ডব্লিউ এছ পি এছ বিশ্ব চেম্পিয়নশ্বিপৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ-১ ইভেণ্টত ভাৰতৰ ভক্তি শৰ্মাই ফাইনেলত ২১৩.১ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ইৰাণৰ নাছৰিন শ্বাহী সমখৌনে ভক্তিৰ পিছতে অন্ত পেলাই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে তেওঁৰ স্বদেশী সতীৰ্থ ফায়েজে আহমদীয়ে ২৩৮.৩ পইণ্টেৰে স্বৰ্ণ পদক লাভ কৰে।
আন এগৰাকী ভাৰতীয় শ্বুটাৰ সৃষ্টি অৰোৰাইও ফাইনেলত অংশগ্ৰহণ কৰি পঞ্চম স্থান দখল কৰে। ইয়াৰ পূর্বে শ্রেষ্ঠীৰ পৰা এখোজ পিছ পৰি যোগ্যতা অর্জনত ভক্তি ষষ্ঠ স্থান দখল কৰিছিল ৷ অৱশ্যে ৫৬৫ ৰানেৰে জুনিয়ৰ বিশ্ব অভিলেখ গঢ়িবলৈ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় । সৃষ্টিয়ে অৰ্হতাত ৫৬৬ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ সুমেধা পাঠকে মাত্ৰ এটা পইণ্টেৰে শীৰ্ষ আঠৰ স্থানৰ পৰা বঞ্চিত হয়। ইফালে, ২০২৪ চনৰ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী ৰুবিনা ফ্ৰান্সিছে ৫৫৪ পইণ্টেৰে ১৮ নম্বৰ স্থান দখল কৰে।
দলীয় ইভেণ্টত ভাৰতেও ৰূপৰ পদক লাভ কৰে। ভাৰতৰ হৈ সৃষ্টি, ভক্তি, আৰু সুমেধাৰ তিনিটা শ্ৰেষ্ঠ স্ক’ৰ মিলি ১৬৯০ । ইৰাণে ১৭০৭ পইণ্টৰ নতুন অভিলেখৰে স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে চীনে ব্ৰঞ্জৰ পদক লাভ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া