
বুডাপেষ্ট, ১২ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব এথলেটিকছ আলটিমেট চেম্পিয়নশ্বিপৰ উদ্বোধনী দিনটোত শুকুৰবাৰে বিশ্ব আৰু অলিম্পিক চেম্পিয়ন আৰ্মাণ্ড ‘মণ্ডো’ ডুপ্লাণ্টিছে এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াই প’ল ভল্টৰ খিতাপ দখল কৰে। ডুপ্লাণ্টিছে ৬.২০ মিটাৰ শ্ৰেষ্ঠ জাম্পেৰে নিজৰ মূল প্ৰতিদ্বন্দ্বী গ্ৰীচৰ ইমানুৱেল কাৰালিছক অতিক্ৰম কৰে।
আঘাতৰ চিন্তাৰ মাজতে হাংগেৰীত উপস্থিত হয় আমেৰিকাত জন্মগ্ৰহণ কৰা ছুইডেনৰ খেলুৱৈগৰাকী। হামষ্ট্ৰিঙৰ পুনৰ ষ্ট্ৰেইন হোৱাৰ পিছত সাৱধানতা অৱলম্বন কৰি ব্ৰাছেলছ ডাইমণ্ড লীগ ফাইনেলৰ পৰা আঁতৰি যায়। তাত কাৰালিছে তেওঁৰ অনুপস্থিতিত খিতাপ দখল কৰিছিল যদিও ডুপ্লাণ্টিছে পুনৰবাৰ বুডাপেষ্টত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰিছিল।
ডুপ্লাণ্টিছ আৰু কাৰালিছে ৫.৬০ মিটাৰ উচ্চতাৰ পৰা আৰম্ভ কৰিছিল আৰু দুয়োজনে সহজেই ক্লিয়াৰ কৰিছিল। ডুপ্লাণ্টিছে ৫.৮০ মিটাৰ এৰি দিয়াৰ বিপৰীতে কাৰালিছে ক্লিয়াৰ কৰে। ইয়াৰ পিছতে ডুপ্লাণ্টিছ, কাৰালিছ, নৰৱেৰ ছণ্ড্ৰে গুটৰ্মচেন, অষ্ট্ৰেলিয়াৰ কাৰ্টিছ মাৰ্শ্বেল আৰু আমেৰিকাৰ জেচাৰী ব্ৰেডফোৰ্ডে ৫.৯৫ মিটাৰ ক্লিয়াৰ কৰে।
ডুপ্লাণ্টিছে ৬.০৫ মিটাৰ ক্লিয়াৰ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয় যদিও তৃতীয়টো প্ৰচেষ্টাত ক্লিয়াৰ কৰি প্ৰতিযোগিতাখনক ৰোমাঞ্চকৰ কৰি ৰাখিলে। ইয়াৰ পিছত কাৰালিছে ৬.১৫ মিটাৰত প্ৰথম প্ৰচেষ্টাত ক্লিয়াৰ কৰি ডুপ্লাণ্টিছৰ ওপৰত হেঁচা প্ৰয়োগ কৰে যদিও ছুইডেনৰ খেলুৱৈগৰাকীয়েও ক্লিয়াৰ কৰে।
তাৰ পিছত বাৰডাল ৬.২০ মিটাৰলৈ বৃদ্ধি কৰা হয়। কাৰালিছে এই উচ্চতা ক্লিয়াৰ কৰাত ব্যৰ্থ হোৱাৰ বিপৰীতে ডুপ্লাণ্টিছে সফলতাৰে ক্লিয়াৰ কৰি খিতাপ দখল কৰে। কৰলিছে ৬.২০ মিটাৰ পৰিত্যাগ কৰি ৬.২৫ মিটাৰ দৌৰাৰ চেষ্টা কৰে যদিও বিফল হয়।
ইয়াৰ পিছত ডুপ্লাণ্টিছে ৬.৩২ মিটাৰত তিনিটা চেষ্টা কৰিছিল যদিও তিনিওটাতে বিফল হয়। এই উচ্চতা ক্লিয়াৰ কৰিলে তেওঁ নিজৰ বিশ্ব অভিলেখ এক চেণ্টিমিটাৰ উন্নত কৰিব পাৰিলেহেঁতেন। এই ছিজনত তেওঁ নিজৰ বিশ্ব অভিলেখ ৬.৩১ মিটাৰলৈ বৃদ্ধি কৰিছে।
খিতাপ জয়ৰ পিছত ডুপ্লাণ্টিছে কয়, এয়া কল্পনাতীত আছিল। মই বুডাপেষ্টত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাল পাওঁ। গোটেই অনুষ্ঠানটো আছিল আচৰিত। আজি ৰাতিটো বহুত মজা আছিল। অলপ ঠাণ্ডা আছিল, কিন্তু মই ভালদৰে উপভোগ কৰিলোঁ। আপোনালোকে দিয়া শক্তিৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আমাৰ সকলোৰে বাবে ই এটা দীঘলীয়া ছিজন।
বুডাপেষ্টৰ ২০ হাজাৰ দৰ্শকৰ ভৰপূৰ ষ্টেডিয়ামৰ সন্মুখত ডুপ্লাণ্টিছে পুনৰবাৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিলে। তেওঁ দুবাৰৰ অলিম্পিক আৰু তিনিবাৰৰ বিশ্ব চেম্পিয়ন।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ