
ধুবুৰী, ০৬ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান দ্বিতীয় খণ্ডত যোৱা কালি বুধবাৰে নিশা কুখ্যাত ড্ৰাগছ বেপাৰী এটা আটক কৰা হয় ।বালাজান আৰক্ষীৰ অভিযানত ড্ৰাগছ বেপাৰী এহাল দম্পত্তিক আটক কৰে ।
আৰক্ষীয়ে ড্ৰাগছ ব্য়ৱসায়ী মনোৱাৰ হুছেইন আৰু তেওঁৰ পত্নী অঞ্জুমা খাতুনক আটক কৰে । ড্ৰাগছ বেপাৰীৰ পৰা ৮টা ড্ৰাগছ ভৰ্তি কইন্টানৰ, নগদ ধন আৰু বাইক এখন জব্দ কৰা হয় । দীৰ্ঘদিনৰ পৰা স্বামী-স্ত্ৰী হালে নিষিদ্ধ ড্ৰাগছ বেপাৰৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । ড্ৰাগছ বেপাৰী স্বামী-স্ত্ৰী হালক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ