কলিয়াবৰৰ মিছাত তিনি ছাগলী চোৰক দৌৰাই দৌৰাই উত্তম মধ্যম উত্তেজিত ৰাইজৰ
কলিয়াবৰৰ মিছাত তিনি ছাগলী চোৰক দৌৰাই দৌৰাই উত্তম মধ্যম উত্তেজিত ৰাইজৰ।
কলিয়াবৰৰ মিছাত তিনি ছাগলী চোৰক দৌৰাই দৌৰাই উত্তম মধ্যম উত্তেজিত ৰাইজৰ


নগাঁও, ০৫ আগষ্ট (হি.স.): নগাঁও জিলাৰ কলিয়াবৰৰ মিছাত তিনি ছাগলী চোৰক দৌৰাই দৌৰাই উত্তম মধ্যম সোধায় উত্তেজিত ৰাইজে ।শালনাৰ চাহ বাগিচাৰ পৰা এখন টেম্পু বাহনত যোৱা কালি মঙলবাৰে বিয়লি চুৰি কৰি আনিছিল ছাগলী। ছাগলী চুৰি কৰি আহি থাকোতেই ৰাইজে ৰখাবলৈ চেষ্টা কৰোঁতেই মিছা চাহ বাগিছাৰ সমীপতেই দুৰ্ঘটনাত পতিত হয় টেম্পু বাহন খন।

ইফালে স্থানীয় লোকে জব্দ কৰে এএছ ০২ চিচি ০৬৬২ নম্বৰৰ টেম্পু বাহনখন । ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ তিনিটা চোৰক চমজি লয়, কিন্তু এটা ছাগলী চোৰ পলাই যাবলৈ সক্ষম হয় । উল্লেখ্য় যে দীৰ্ঘদিন ধৰি মিছা চাহ বাগিচা, কেলিডেন চাহ বাগিচা, শালনা চাহ বাগিচাত সংঘটিত হৈ আহিছে ছাগলী চুৰিৰ ঘটনা ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande