খুমটাইৰ শেনচোৱাত চাঞ্চল্যকৰ গৰু চুৰিৰ ঘটনা
খুমটাইৰ শেনচোৱাত চাঞ্চল্যৰ গৰু চুৰিৰ ঘটনা ।
খুমটাইৰ শেনচোৱাত চাঞ্চল্যকৰ গৰু চুৰিৰ ঘটনা


গোলাঘাট, ০৬ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ খুমটাইৰ শেনচোৱাত চাঞ্চল্যকৰ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে । যোৱাকালি বুধবাৰে নিশা বৰষুণৰ সুযোগ লৈ একেটা অঞ্চলৰে চাৰিজন ব্যক্তিৰ গোহালিৰ পৰা গৰু লৈ উধাও হ'ল গভাইত গৰু চোৰ । এখন বলেৰ' মেক্স পিক আপ বাহনত গৰু চুৰি কৰি লৈ যোৱাৰ সন্দেহ কৰা হৈছে ।

ঘটনা অনুসৰি যোৱা নিশা নেৰা নেপেৰা বৰষুণৰ সুযোগ লৈ শেনচোৱা গাঁৱৰ জয়ন্ত জিৎ বৰুৱা, সত্যজিৎ বৰুৱা , প্ৰফুল্ল বৰা আৰু দিপাংকৰ বৰা নামৰ চাৰি গৰাকী ব্যক্তিৰ ঘৰৰ পৰা দুজনীকৈ মুঠ আঠটা গৰু চুৰ কৰি লৈ যায় গৰু চোৰে । একে নিশাই একেটা অঞ্চলৰে প্ৰায় দুই লক্ষাধিক মূল্যৰ গোধন চুৰি হোৱাৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যে ভুক্তভোগী ব্যক্তিকেইজনে এই চুৰি কাণ্ডৰ ঘটনা সন্দৰ্ভত ঢেকীয়াল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande