দেৰগাঁও চহৰৰ মাজমজিয়াত চোৰৰ তাণ্ডৱ
দেৰগাঁও চহৰৰ মাজমজিয়াত চোৰৰ তাণ্ডৱ ৷
দেৰগাঁও চহৰৰ মাজমজিয়াত চোৰৰ তাণ্ডৱ


গোলাঘাট, ১১ আগষ্ট (হি.স.): বানপানীৰ প্ৰলয়ৰ মাজতে গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ মাজমজিয়াত যোৱা কালি সোমবাৰে বিয়লি চোৰৰ তাণ্ডৱ চলে ৷ চোৰে লুটি নিলে প্ৰায় ১৩ লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু নগদ ধন ৷

দেৰগাঁৱৰ হেমনগৰত অৱস্থিত পিংকুল দত্তৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনাটো ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে দেৰগাঁও আৰক্ষীয়ে । অৱশ্য়ে এই পৰ্যন্ত আৰক্ষীয়ে চুৰি সামগ্ৰী বা চোৰৰ কোনো সন্ধান উলিয়াব পৰা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande