বজালীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস
বজালীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস ।
বজালীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস


বৰপেটা, ১০ আগষ্ট (হি.স.): বজালীত যোৱা কালি দেওবাৰে বিয়লি পুনৰ চিলনী চোৰৰ সন্ত্ৰাস বিৰাজ কৰে । সৰুপেটাত হাতে-লোটে আটক কৰা হয় এটা চিলনী চোৰ ।

জানিব পৰামতে, যোগীবাবা থানৰ সমীপত এগৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন টানিছিল চোৰটোৱে । ডিঙিৰ চেইন টানিব লওঁতেই ৰাইজে ধৰে চোৰটোক । চোৰটোক আৱদ্ধ কৰি ৰাইজে গটাই দিয়ে সৰুপেটা আৰক্ষীক । ধৃত চোৰটো বজালীৰ বাটুৱাৰ পালহাজি পাৰাৰ চাদ্দাম হুছেইন বুলি পৰিচয় পোৱা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande