
কাঠমাণ্ডু, ৩১ জুলাই (হি.স.)। পাকিস্তানৰ ব্ৰড পিকত হোৱা বৃহৎ হিমস্খলনৰ ফলত নিৰুদ্দেশ হোৱা পৰ্বতাৰোহীৰ এটা দলৰ ভিতৰত আছে নেপালীৰ প্ৰখ্যাত পৰ্বতাৰোহী নিৰ্মল পূৰ্জা (নিমছ দাই)। পাকিস্তান আলপাইন ক্লাবৰ তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি কাৰাকোৰাম পৰ্বতমালাৰ ৮,০৪৭ মিটাৰ উচ্চতাৰ ব্ৰড পিকত আৰোহণ কৰা এটা দলে হিমস্খলনৰ প্ৰভাৱত পৰে।
প্ৰাথমিক তথ্য অনুসৰি ১০জন পৰ্বতাৰোহীৰ সৈতে যোগাযোগ হেৰুৱাইছে। এই গোটত পাঁচজন নেপালী পৰ্বতাৰোহীৰ লগতে পাকিস্তান, ওমান, চীন, আমেৰিকাৰ পৰ্বতাৰোহীকে ধৰি বিশ্ববিখ্যাত নেপালী পৰ্বতাৰোহী নিৰ্মল পূৰ্জাও আছে।
নিৰ্মল পূৰ্জাই ২০১৯ চনত মাত্ৰ ছমাহ ছয় দিনৰ অভিলেখ সময়ত ৮০০০ মিটাৰৰ ওপৰত বিশ্বৰ ১৪টা শৃংগত সফলতাৰে আৰোহণ কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিছিল। পাকিস্তান আলপাইন ক্লাবে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে চৰকাৰী কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট সংস্থাৰ সমন্বয়ত অনুসন্ধান আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে । ক্লাবটোৰ মতে, বতৰ আৰু কাৰ্যকৰী পৰিস্থিতি অনুকূল হোৱাৰ লগে লগে হেলিকপ্টাৰকে ধৰি সকলো উপলব্ধ উদ্ধাৰ সম্পদ নিয়োগ কৰা হ’ব ।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ