
কাঠমাণ্ডু, ৩১ জুলাই (হি.স.)। নেপালৰ সুনছাৰী জিলাৰ দেৱানগঞ্জ গাঁও পৌৰসভাত দুটা জনগোষ্ঠীৰ মাজত হিংসাত্মক পৰিস্থিতিয়ে মধেশ প্ৰদেশৰ চাৰিখন জিলাক আগুৰি ধৰিছে। আজি চিৰাহা, ধনুষা, পাৰছা, আৰু সপ্তৰী চাৰিখন জিলাত কোনো ধৰণৰ সান্ধ্য আইন শিথিল কৰা হোৱা নাই।
জিলা নিৰাপত্তা সমিতিৰ পৰামৰ্শ মতে ছিৰাহা, ধনুষা, পাৰ্ছা, আৰু সপ্তাৰীৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ে সান্ধ্য আইন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছিৰাহাৰ গোলবজাৰত আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিয়ে এই জিলাকেইখনক আগুৰি ধৰিছে।
এই পৰ্যন্ত মধেশ প্ৰদেশত সংঘটিত হিংসাত্মক ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছে। আহতসকলৰ ভিতৰত আছে দুজন উপ-আৰক্ষী অধীক্ষক (ডি এছ পি)কে ধৰি ২২জন আৰক্ষী জোৱান। নেপাল আৰক্ষী, সশস্ত্ৰ আৰক্ষী বাহিনী (এ পি এফ), আৰু নেপাল সেনাবাহিনীক মোতায়েন কৰা হৈছে।
উৰাবাতৰিত বিশ্বাস নকৰিবলৈ, ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ বিষয়বস্তু শ্বেয়াৰ নকৰিবলৈ আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপ তৎক্ষণাত নিৰাপত্তা সংস্থাক খবৰ দিবলৈও প্ৰশাসনে আহ্বান জনাইছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ