জৰ্ডানত থকা আমেৰিকাৰ বিমান ঘাটিত আক্ৰমণ চলাই তিনিখন এফ-৩৫ জেট বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ
তেহৰাণ/আম্মান, ৩০ জুলাই (হি.স.)। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে জৰ্ডানৰ আল আজৰাক বায়ুসেনা ঘাটিত বেলিষ্টিক মিছাইল আক্ৰমণত তেওঁলোকৰ এৰোস্পেচ ফৰ্চে তিনিখন আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰাৰ লগতে কেইবাজনো আমেৰিকান সামৰিক জোৱা
सांकेतिक


তেহৰাণ/আম্মান, ৩০ জুলাই (হি.স.)। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে জৰ্ডানৰ আল আজৰাক বায়ুসেনা ঘাটিত বেলিষ্টিক মিছাইল আক্ৰমণত তেওঁলোকৰ এৰোস্পেচ ফৰ্চে তিনিখন আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰাৰ লগতে কেইবাজনো আমেৰিকান সামৰিক জোৱান নিহত কৰে। অৱশ্যে জৰ্ডানে এই দাবী নিশ্চিত কৰা নাই। জৰ্ডানে কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইৰাণে নিক্ষেপ কৰা পাঁচটা ক্ষেপণাস্ত্ৰ আটক কৰে।

তুৰস্কৰ চৰকাৰী আনাডোলু সংবাদ সংস্থা আৰু ইৰাণৰ অৰ্ধ চৰকাৰী তাছনিম নিউজৰ মতে,

আই আৰ জি চিয়ে কয় যে দক্ষিণ ইৰাণৰ কেছম দ্বীপত আমেৰিকাৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ কৰা হৈছে। ইৰাণে কয় যে আমেৰিকাৰ আক্ৰমণত এটা আৱাসিক ঘৰ ধ্বংস হোৱাৰ লগতে এহাল দম্পতী আৰু তেওঁলোকৰ দুবছৰীয়া সন্তানৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুটা শিশু আহত হয়।

আই আৰ জি চিয়ে দাবী কৰে যে তেওঁলোকে আল আজৰাক বিমান ঘাটিত থকা আমেৰিকাৰ এফ-৩৫ বিমানৰ পাৰ্কিং ৰেম্প আৰু মেইণ্টেনেন্স হেংগাৰক লক্ষ্য কৰি লৈছে। সংস্থাটোৰ মতে, এই আক্ৰমণত তিনিখন এফ-৩৫ বিমান সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে আন তিনিখন বিমানৰ যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে কেইবাজনো আমেৰিকান বিষয়া, কাৰিকৰী আৰু ৰক্ষণাবেক্ষণ কৰ্মী নিহত হয়।

ইফালে জৰ্ডানৰ সেনাই কয় যে ইৰাণৰ পৰা নিক্ষেপ কৰা পাঁচটা বেলিষ্টিক মিছাইল ইয়াৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ আগতেই বাধা দি ধ্বংস কৰিছিল। জৰ্ডানৰ মতে, যোৱা কিছুদিনত একেৰাহে চতুৰ্থবাৰৰ বাবে ইৰাণৰ পৰা অহা মিছাইল বা ড্ৰ’ন আটক কৰিছে।

ইয়াৰ পূৰ্বে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (চেন্টকম) উল্লেখ কৰিছিল যে মধ্যপ্ৰাচ্যত ইৰাণৰ ঘাটি আক্ৰমণৰ চেষ্টাৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকান বাহিনীয়ে ইৰাণৰ কেইবাটাও লক্ষ্যত আঘাত হানে। ইৰাণে কয় যে আমেৰিকাৰ আক্ৰমণত কেছম দ্বীপৰ উপৰিও বুশ্বেহৰ, ফাৰ্চ, আৰু খুজেস্তান প্ৰদেশৰ কেইবাটাও স্থানক লক্ষ্য কৰি লোৱা হৈছিল।

বৰ্তমান আই আৰ জি চিৰ এই দাবী আমেৰিকা বা জৰ্ডানৰ দ্বাৰা স্বতন্ত্ৰভাৱে নিশ্চিত হোৱা নাই। ইফালে জৰ্ডানে কয় যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই লক্ষ্যত উপনীত হোৱাৰ আগতেই বেছিভাগ ক্ষেপণাস্ত্ৰই নিক্ষেপ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande