ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সন্দৰ্ভত মুৰলী মনোহৰ যোশী, কয়-পলম হলেও সঠিক হৈছে
নতুন দিল্লী, ২৫ জুলাই (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড০ মুৰলী মনোহৰ যোশীয়ে কয় যে, এয়া পলম হলেও সঠিক হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰে সময়োপযোগী
पूर्व मंत्री मुरली मनोहर जोशी


নতুন দিল্লী, ২৫ জুলাই (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড০ মুৰলী মনোহৰ যোশীয়ে কয় যে, এয়া পলম হলেও সঠিক হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰে সময়োপযোগী সিদ্ধান্ত ল’ব।

শনিবাৰে মুৰলী মনোহৰ যোশীয়ে নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলক শান্তিপূৰ্ণভাৱে প্ৰতিবাদৰ অন্ত পেলোৱাৰ বাবে অভিনন্দন জনায়। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতীয় শিক্ষা খণ্ডত অতি সোনকালে শান্তি প্ৰতিষ্ঠা হ’ব আৰু ছাত্ৰ-ছাত্ৰীসকলে উজ্জ্বল ভৱিষ্যত আৰু প্ৰগতিৰ বাবে যথেষ্ট সুযোগ লাভ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande