কৈলাশ মানসৰোৱৰ যাত্ৰাঃ ষষ্ঠ গোট নিৰাপদে ধৰচুলাত উপস্থিত
- এই পৰ্যন্ত উত্তৰাখণ্ডত উপস্থিত হৈছে ২৯৪ গৰাকী তীৰ্থযাত্ৰী ধৰচুলা, ২৫ জুলাই (হি.স.)। শনিবাৰে সন্ধিয়া কৈলাশ মানসৰোৱৰ যাত্ৰা-২০২৬ৰ ষষ্ঠ গোট নিৰাপদে ধৰচুলাত উপস্থিত হয়। জিলা প্ৰশাসন আৰু আনুষংগিক বিভাগৰ বিষয়াসকলে তীৰ্থযাত্ৰীসকলক আদৰণি জনাই তেওঁলোক
कैलाश मानसरोवर यात्रियों के दल का कैलाश मानसरोवर यात्रा छठा दल पिथौरागढ़ दोपहर 1.30 PM पर पहुंच गया है।


- এই পৰ্যন্ত উত্তৰাখণ্ডত উপস্থিত হৈছে ২৯৪ গৰাকী তীৰ্থযাত্ৰী

ধৰচুলা, ২৫ জুলাই (হি.স.)। শনিবাৰে সন্ধিয়া কৈলাশ মানসৰোৱৰ যাত্ৰা-২০২৬ৰ ষষ্ঠ গোট নিৰাপদে ধৰচুলাত উপস্থিত হয়। জিলা প্ৰশাসন আৰু আনুষংগিক বিভাগৰ বিষয়াসকলে তীৰ্থযাত্ৰীসকলক আদৰণি জনাই তেওঁলোকৰ থকাৰ ব্যৱস্থা, খাদ্য, স্বাস্থ্য পৰীক্ষা, আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থা নিশ্চিত কৰে।

জিলা প্ৰশাসনৰ তথ্য অনুসৰি শনিবাৰে দিনৰ ১:৩০ বজাত কৈলাশ মানসৰোৱৰ যাত্ৰা-২০২৬ৰ ষষ্ঠ গোট পিথোৰাগড়ত উপস্থিত হয় আৰু শনিবাৰে নিশা ৬:৪০ বজাত ৰাওনা হয়। ষষ্ঠ গোটত ৩৪ জন পুৰুষ আৰু ১৭ জন মহিলাকে ধৰি মুঠ ৫১ জন তীৰ্থযাত্ৰী আছে। যোৱা ২৪ জুলাইত উত্তৰাখণ্ডত প্ৰৱেশ কৰি শনিবাৰে ধৰচুলাত উপস্থিত হয় এই গোটটো।

সকলো তীৰ্থযাত্ৰী নিৰাপদ আৰু নিৰ্ধাৰিত সময়ত যাত্ৰা চলি আছে। ধৰচুলা পোৱাৰ লগে লগে তীৰ্থযাত্ৰীসকলক প্ৰয়োজনীয় আনুষ্ঠানিকতা আৰু স্বাস্থ্য পৰীক্ষা সম্পূৰ্ণ কৰি জিৰণি দিয়া হয়।

এই পৰ্যন্ত ৬ টা গোটৰ তীৰ্থযাত্ৰীৰ মুঠ ২৯৪ জন তীৰ্থযাত্ৰী উত্তৰাখণ্ডত উপস্থিত হৈছে, য’ত ১৯৬ জন পুৰুষ আৰু ৯৮ জন মহিলাও আছে। কৈলাশ মানসৰোৱৰ যাত্ৰা সম্পূৰ্ণ কৰি প্ৰথম আৰু দ্বিতীয় গোট ঘূৰি আহিছে। তৃতীয়টো গোট বৰ্তমান ছয়ালেখত, চতুৰ্থটো গোটৰ তৰাকিনি চৌকীত আৰু পঞ্চমটো গোট নাভিডাঙত থকাৰ বিপৰীতে ষষ্ঠ গোটটোৱে নিৰ্ধাৰিত সময় অনুসৰি যাত্ৰা অব্যাহত ৰাখিব।

প্ৰশাসনে উল্লেখ কৰে যে যাত্ৰাপথত নিৰাপত্তা, স্বাস্থ্য, থকা-খোৱা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধাৰ বাবে ব্যাপক ব্যৱস্থা কৰা হৈছে। তীৰ্থযাত্ৰীসকলৰ বাবে এক নিৰাপদ আৰু শৃংখলাবদ্ধ যাত্ৰা সুনিশ্চিত কৰি বিভিন্ন বিভাগৰ সমন্বয়ত এই যাত্ৰা সুকলমে চলোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande